
জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ সংঘৰ্ষৰ (JK Encounter) সৃষ্টি হৈছে। উধমপুৰৰ মাজলতা অঞ্চলৰ এখন বনাঞ্চলত কেইবাজনো সন্ত্ৰাসবাদীয়ে আশ্ৰয় লোৱাৰ তথ্য গোপন সূত্ৰৰ পৰা নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে লাভ কৰে।

সেই তথ্য লাভ কৰি যৌথ বাহিনীয়ে অভিযান আৰম্ভ কৰে। সেনাৰ এক সূত্ৰৰ উদ্ধৃতি দি পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, সোমবাৰে পুৱাতেই উধমপুৰৰ পাহাৰীয়া অঞ্চলৰ ৰামনগৰৰ জাফৰ বনাঞ্চলত দুইৰ পৰা তিনিজন সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ গতিবিধিৰ তথ্য লাভ কৰি এক তালাচী অভিযান আৰম্ভ কৰা হয়।
সন্ত্ৰাসবাদীক বিচাৰি উলিওৱাৰ বাবে অভিযান মঙলবাৰেও অব্যাহত থাকে। সেই সময়তে সন্ত্ৰাসবাদীয়ে বনাঞ্চলৰ ভিতৰৰ পৰা নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। নিৰাপত্তা বাহিনীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। এই ঘটনাত অৱশ্যে বুধবাৰে এতিয়ালৈকে কোনো লোকৰ হতাহতিৰ খবৰ পোৱা হোৱা নাই।
সেনাৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীকেইটা প্ৰথমে জৈছৰ সদস্য বুলি অনুমান কৰা হৈছে। ঘন জংঘল আৰু আন্ধাৰৰ সুযোগ লৈ সন্ত্ৰাসবাদীয়ে যাতে সাৰি যাব নোৱাৰে তাৰ বাবে আৰক্ষী আৰু সেনাই অঞ্চলটো ঘেৰাও কৰিছে। অঞ্চলটোত অতিৰিক্ত সেনা মোতায়েন কৰা হৈছে। সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ নিশাজুৰি অভিযান চলাই আহিছে বাহিনীয়ে।
উল্লেখযোগ্য যে যোৱা ১৮ জানুৱাৰীত জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত এক এনকাউণ্টাৰ সংঘটিত হৈছিল। জানিব পৰা মতে, আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে শিবিৰ পোৱাৰ লগে লগে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে আৰু নিৰাপত্তা বাহিনীয়েও প্ৰত্যুত্তৰ দিয়ে ।









