
অভিভাৱকে তেওঁলোকক অনলাইন গেম (Online gaming) খেলিবলৈ দিয়া নাছিল। সেই অভিমানতে তিনিগৰাকী ভগ্নীয়ে এটা বহুমহলীয়া অট্টালিকাৰ দশম মহলাৰ পৰা একেলগে জঁপিয়াই পৰে। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত মঙলবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনা। ১২, ১৪ আৰু ১৬ বছৰীয়া কিশোৰী তিনিগৰাকীৰ থিতাতে মৃত্যু হয়।

জানিব পৰা মতে, তিনিওগৰাকী ভগ্নীৰ অনলাইন গেমৰ প্ৰতি আসক্ত আছিল। কৰোনা মহামাৰীৰ পিছৰে পৰা মোবাইল গেমৰ প্ৰতি তেওঁলোকৰ প্ৰৱণতা বৃদ্ধি পাবলৈ ধৰে। সময়ৰ লগে লগে তিনি ভগ্নীৰ অনলাইন গেমৰ প্ৰতি আসক্তিও বাঢ়ি আহে। আনকি কেতিয়াবা তিনিওজনীয়ে স্কুললৈ যোৱাৰ সলনি গেম খেলিবলৈ বহি যায়।
তিনিওগৰাকী ভগ্নীৰ অনলাইন গেমৰ প্ৰতি থকা আসক্তি পিতৃ-মাতৃয়ে ভাল পোৱা নাছিল। সেয়ে প্ৰায়ে গালি-গালাজ কৰিছিল । সূত্ৰ অনুসৰি, মঙলবাৰে নিশাও অনলাইন গেম খেলাৰ বাবে ঘৰত অশান্তিৰ সৃষ্টি হৈছিল। পিতৃ-মাতৃয়ে তিনিওগৰাকী ভগ্নীক গেম খেলিবলৈ দিয়া নাছিল।
ইয়াৰ পিছতে অট্টালিকাৰ দশম মহলাৰ পৰা একেলগে জঁপিয়াই পৰে তিনিও ভগ্নীয়ে। এই ঘটনাৰ খবৰ পোৱাৰ পিছতে নিশা গাজিয়াবাদৰ লনী অঞ্চলৰ বাসগৃহত উপস্থিত হয় টিলা ম’ৰে থানাৰ আৰক্ষী।
মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
মৃত কিশোৰীকেইগৰাকীৰ পৰিয়ালৰ লগতে বাসগৃহৰ অন্যান্য বাসিন্দাসকলৰ সৈতে কথা পাতি তথ্য সংগ্ৰহ কৰিছে বিষয়াসকলে। প্ৰথম অৱস্থাত আৰক্ষীৰ মতে এয়া আত্মহত্যা। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে নিশ্চিতভাৱে কোৱা সম্ভৱ হ’ব বুলি বিষয়াসকলে জনায়।
সূত্ৰ অনুসৰি, তিনিওগৰাকী ভগ্নী শেহতীয়াকৈ অনলাইন টাস্ক বেছড গেমৰ (যি গেমত গেমৰ ভিতৰত বিভিন্ন কাম কৰিব লাগে আৰু তাৰ ওপৰত ভিত্তি কৰি লেভেল বৃদ্ধি পায়) প্ৰতি আসক্ত হৈ পৰিছিল। গেম খেলাক লৈ তেওঁলোকৰ মাক-দেউতাকৰ লগত বিবাদ হৈছিল।
প্ৰাৰম্ভিক ধাৰণা অনুসৰি, তিনিওগৰাকী ভগ্নীয়ে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল পিতৃ-মাতৃৰ গালি-গালাজ আৰু গেম খেলিবলৈ আপত্তি কৰাৰ বাবে। অৱশ্যে এই সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে তদন্তকাৰীয়ে।










