
ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আৰু এখোজ আগবাঢ়িছে। ৰেমজেট শক্তিৰ এটা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষাণ সম্পন্ন কৰা হৈছে। এই বিশেষ প্ৰযুক্তিৰ ক্ষেপণাস্ত্ৰই শত্ৰুৰ বিমানত বিফলতা নোহোৱাকৈ আঘাত মাৰিব পাৰে।

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (DRDO) দ্বাৰা নিৰ্মিত এই ক্ষেপণাস্ত্ৰই দেশৰ আকাশী প্ৰতিৰক্ষাক অধিক ত্ৰুটিহীন কৰি তুলিব বুলি আশা কৰা হৈছে।
ৰেমজেট হৈছে এক বিশেষ ধৰণৰ জেট ইঞ্জিন, যিটো ছুপাৰছনিক (শব্দতকৈ দ্ৰুত) মিছাইলত ব্যৱহাৰ কৰা হয়। বিশ্বৰ অতি কম সংখ্যক দেশতহে এই প্ৰযুক্তিৰ ক্ষেপণাস্ত্ৰ আছে। এই বিশেষ প্ৰযুক্তিৰ ইঞ্জিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াত কোনো জটিল টাৰ্বাইন নাই। ফলত এই ইঞ্জিন ব্যৱহাৰ কৰা ক্ষেপণাস্ত্ৰবোৰ অতি লঘু আৰু তীব্ৰ বেগত শত্ৰুক খুন্দা মাৰিব পাৰে। ৰেমজেট প্ৰযুক্তিৰ ইঞ্জিনে সন্মুখৰ পৰা অহা বতাহ তীব্ৰ বেগত টানি লয়।
ইয়াৰ পিছত সেই বতাহে ইঞ্জিনত ‘থ্ৰাষ্ট’ সৃষ্টি কৰে। ডি আৰ ডি অ’ৰ দ্বাৰা বিকশিত এই ‘ছলিড ফুৱেল ডাক্টেড ৰেমজেট’ প্ৰযুক্তিয়ে দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ গতি আৰু ফলপ্ৰসূতা কেইবা গুণো বৃদ্ধি কৰিব পাৰে। মঙলবাৰে পুৱা ১০.৪৫ বজাত ওড়িশাৰ চণ্ডীপুৰৰ পৰা ৰেমজেটচালিত ক্ষেপণাস্ত্ৰ পৰীক্ষামূলকভাৱে নিক্ষেপ কৰা হয়।
পিছত ডি আৰ ডি অ’য়ে এই উন্মোচন সফল হোৱা বুলি কয়। ডি আৰ ডি অ’ই লগতে কয় যে পৰীক্ষামূলক উৎক্ষেপণত মিছাইলটোৰ সকলো পেৰামিটাৰেই নিখুঁতভাৱে কাম কৰিছিল। ফলত ভাৰতে এই প্ৰযুক্তিৰে ক্ষেপণাস্ত্ৰ থকা সামান্য সংখ্যক দেশৰ তালিকাত যোগদান কৰিছে।
অপাৰেচন সিন্দুৰ আৰু ভাৰত-পাকিস্তান সংঘাতৰ পিছত নতুন দিল্লীয়ে দেশৰ নিৰাপত্তা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ চেষ্টা চলাইছে। নতুন দিল্লীয়ে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে দেশৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে আবণ্টন আৰু অধিক বৃদ্ধি কৰিছে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে প্ৰতিৰক্ষাৰ বাবে ৭.৮৫ লাখ কোটি টকা আবণ্টন দিয়া হৈছে।
ব্ৰহ্মছ ক্ষেপণাস্ত্ৰক ছুপাৰছ’নিকৰ পৰা হাইপাৰছ’নিকলৈ (শব্দৰ গতিতকৈ পাঁচগুণ বেছি বেগেৰে) ৰূপান্তৰিত কৰাৰ পৰিকল্পনাও আৰম্ভ কৰা হৈছে। ইয়াৰ মাজতে ভাৰতে ৰেমজেট প্ৰযুক্তিৰে এটা ক্ষেপণাস্ত্ৰও নিৰ্মাণ কৰিছে।










