
অন্তৰ্বাস ছাদত শুকুৱাবলৈ দিলেই হেৰাই যায়। কাৰোবাৰ ঘৰৰ ছাদৰ পৰা, কাৰোবাৰ বাসগৃহৰ বেলকনিৰ পৰা হঠাতে মহিলাৰ অন্তৰ্বাস নোহোৱা হৈ যায়। অৱশেষত কেইবাগৰাকীও মহিলাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হয় এজন যুৱক।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি. এই ঘটনাটো সংঘটিত হৈছে বেংগালুৰুৰ ইলেক্ট্ৰ’নিক চিটি অঞ্চলত। বুধবাৰে আৰক্ষীয়ে জনোৱা মতে, বিভিন্ন বাসগৃহ আৰু ঘৰৰ পৰা মহিলাৰ অন্তৰ্বাস চুৰি কৰাৰ অভিযোগত এজন ২৩ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। মহিলাৰ অন্তৰ্বাস চুৰি কৰি পিছত ফটো তোলাৰো অভিযোগ।
হেব্বাগোডী অঞ্চলৰ যুৱকজনৰ বিৰুদ্ধে কেইবাগৰাকীও মহিলাই এজাহাৰ দাখিল কৰা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। অন্তৰ্বাস ছাদত, বেলকনিত শুকুৱাবলৈ দিলেই হঠাতে নোহোৱা হৈ যায়।
এই ঘটনা একে সময়তে কেইবাটাও ঘৰত সংঘটিত হয়। আৰক্ষীয়ে অঞ্চলটোত উপস্থিত হৈ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি জেৰা কৰে।
ধৃত যুৱকজনৰ নাম অমল এন অজি। তেওঁ প্ৰকৃততে কেৰালাৰ বাসিন্দা।
প্ৰাথমিক তদন্তৰ অন্তত যুৱকজনে মহিলাৰ অন্তৰ্বাস চুৰি কৰি ফটো তুলিছিল বুলি জানিবলৈ দিয়ে। আনকি তেওঁৰ ঘৰৰ পৰা বহু মহিলাৰ অন্তৰ্বাস উদ্ধাৰ কৰে। বি এন এছৰ কেইবাটাও ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।









