
কোনো পূৰ্ণকালীন মন্ত্ৰী উপস্থিত নথকাত ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিৰোধী সাংসদসকলৰ দাবী মানি লৈ ৰাজ্যসভাৰ অধিৱেশন ১০ মিনিটৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। বিৰোধী দলসমূহে এই বিষয়টো উত্থাপন কৰে।

তেওঁলোকৰ মতে, অধিৱেশনত এজনো পূৰ্ণকালীন মন্ত্ৰীৰ অনুপস্থিতি সংসদৰ বাবে অপমান। শুকুৰবাৰে সংসদ আক্ৰমণৰ ২৪ বছৰ সম্পূৰ্ণ হয়।
ৰাজ্যসভাৰ সাংসদসকলে এই আক্ৰমণত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনায়। অলপ পিছতে বিৰোধী সাংসদসকলে লক্ষ্য কৰে যে সংসদৰ উচ্চ সদনত এজনো পূৰ্ণকালীন মন্ত্ৰী উপস্থিত নাই। এই বিষয়ত ৰাজ্যসভাৰ অধ্যক্ষৰ দৃষ্টি আকৰ্ষণ কৰে। ৰাধাকৃষ্ণনে এজন ৰাজ্যিক মন্ত্ৰীক অন্ততঃ এজন পূৰ্ণকালীন মন্ত্ৰী উপস্থিত থাকিবলৈ ক’বলৈ অনুৰোধ জনায়। বিৰোধী সাংসদসকলে অধিৱেশন স্থগিত ৰখাৰ বাবে অনুৰোধ জনায়।
ৰাধাকৃষ্ণনে কয়, “ৰাজ্যসভাৰ পদ্ধতিৰ বিষয়ে মই অৱগত। মই মন্ত্ৰীসকলক অনুৰোধ কৰিছোঁ। অন্ততঃ এজন মন্ত্ৰী থকাটো উচিত।” তাৰ মাজতে বিৰোধী সাংসদসকলে অধিৱেশন স্থগিত ৰখাৰ দাবী অব্যাহত ৰাখে। এনে অৱস্থাত ৰাধাকৃষ্ণনে পাঁচ মিনিট অপেক্ষা কৰে।
ৰাজ্যসভাৰ কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে অধ্যক্ষক কয়, “এয়া সংসদৰ অপমান। পূৰ্ণ মন্ত্ৰী অহালৈকে আপুনি অধিৱেশন স্থগিত ৰাখিব লাগে।” পাঁচ মিনিটৰ পাছতো যেতিয়া কোনো পূৰ্ণ মন্ত্ৰী উপস্থিত নহ’ল, তেতিয়া ৰাধাকৃষ্ণনে ১০ মিনিটৰ বাবে অধিৱেশন স্থগিত ৰাখে।













