পশ্চিম কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণৰ একমাত্ৰ জিলা কাৰাগাৰৰ পৰা দুজনকৈ কয়েদীৰ পলায়নে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জিলা আৰক্ষীয়ে জনোৱা মতে আজি পুৱা ৫.৩০ বজাত কাৰাগাৰৰ কয়দীসকলক পুৱাৰ আহাৰ খোৱাৰ পিছত পুনৰ পুৱা ৯ মান বজাত কয়দীসকলক গা-ধুৱাবলৈ নিয়াৰ সময়তে অতুল দেউৰী আৰু ছাৰছিং ৰংপি নামৰ দুগৰাকী কয়েদী পলায়ন কৰে৷
পশ্চিম কাৰ্বি আংলং জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰাকীৰ ঘটনাৰ সন্দৰ্ভত মন্তব্য
ঘটনাটো সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত উপায়ুক্ত কাৰাগাৰত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়৷ কয়দী দুগৰাকীয়ে গামোছাৰ সহায় লৈ কাৰাগাৰৰ ওখ দেৱাল পাৰ হৈ পলায়ন কৰাৰ কথা সন্দেহ কৰে বিষয়া দুগৰাকীয়ে৷ আনহাতে কাৰাগৰটোৰ পৰিদৰ্শক ধ্ৰুৱজ্যোতি বৰুৱাৰ অসাৱধানতাৰ বাবে কয়দী দুগৰাকী পলায়ন কৰিবলৈ সক্ষম হয় বুলি অভিযোগ আনে৷ ইতিমধ্যে সমগ্ৰ ঘটনাৰ পৰ্য্যবেক্ষন কৰি তদন্ত অব্যাহত ৰাখিছে ৷ আজিৰ এই ঘটনাই জিলাখনৰ লগতে অসম আৰক্ষীৰ বিফলতাৰ স্বৰূপটো উদঙাই দিছে৷