
দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ (Delhi Blast) ঘটনাত নাম অহা চাৰিজন চিকিৎসকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে। এই সন্দৰ্ভত শুকুৰবাৰে জাৰি কৰা হয় এক অধিসূচনা। তাত কোৱা হৈছে যে এই চাৰিজন চিকিৎসকে কেতিয়াও দেশৰ ক’তো প্ৰেকটিছ কৰিব নোৱাৰিব।

চাৰিওজনৰে ভাৰতীয় চিকিৎসা পঞ্জী (আই এম আৰ) আৰু ৰাষ্ট্ৰীয় চিকিৎসা পঞ্জী (এন এম আৰ) বাতিল কৰা হৈছে।
চিকিৎসা আয়োগে এক বিবৃতিত কয় যে আদিল আহমেদ ৰাথেৰ, মুজাফ্ফৰ আহমেদ, মুজাম্মিল শ্বাকিল আৰু শ্বাহীন ছায়ীদৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে।
যোৱা ১০ নৱেম্বৰত দিল্লী বিস্ফোৰণ কাণ্ডৰ তদন্তৰ সময়ত উত্থাপিত প্ৰমাণৰ ভিত্তিত এই চাৰি চিকিৎসকৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আয়োগে এই তথ্য জম্মু-কাশ্মীৰ আৰক্ষী, কাশ্মীৰ চিকিৎসা পৰিষদ আৰু উত্তৰ প্ৰদেশ চিকিৎসা পৰিষদৰ পৰা লাভ কৰে। এই চাৰিজন লোক সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত বুলি অভিযোগ উত্থাপন হৈছে। কোৱা হৈছে, “এই চাৰিজন চিকিৎসকৰ আচৰণ চিকিৎসা বৃত্তিত প্ৰয়োজনীয় সততা, শালীনতা আৰু জনসাধাৰণৰ আস্থাৰ সৈতে অসঙ্গতিপূৰ্ণ।”
ইতিমধ্যে জম্মু-কাশ্মীৰ চিকিৎসা পৰিষদে মুজাফ্ফৰ, আদিল আৰু মুজাম্মিলৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। উত্তৰ প্ৰদেশ চিকিৎসা পৰিষদে শ্বাহীনৰ পঞ্জীয়ন পৃথকে বাতিল কৰে। এই নিৰ্দেশ সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ’ব বুলি ৰাষ্ট্ৰীয় আয়োগে প্ৰকাশ কৰিছে।










