
হাৰিয়ানা বিশ্ববিদ্যালয়ৰ ১৭ নম্বৰ ছাত্ৰাবাস। দিল্লী বিস্ফোৰণৰ (Delhi Blast) অন্যতম অভিযুক্ত ডাঃ মুজাম্মিল আহমেদে তাত এটা কোঠাত বাস কৰিছিল।

মুজাম্মিল আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীসকলে প্ৰায়ে সেই বন্ধ, সেমেকা কোঠাটোত বাহৰ পাতিছিল। ঘণ্টাৰ পিছত ঘণ্টা ধৰি গোপন আলোচনা চলিছিল। অভিযোগ অনুসৰি, সেই কোঠাতে বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। সেই ‘১৩ নম্বৰ কোঠাটো’ এতিয়া তদন্তকাৰীৰ তদন্তৰ আওতাত।
দিল্লী কাণ্ডৰ সৈতে হাৰিয়ানাৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ এদল ছাত্ৰ-ছাত্ৰীৰ সম্পৰ্ক আছে। ধৃত চিকিৎসক দুজন মুজাম্মিল আৰু শ্বাহীন ছিদ্দিকী ফৰিদাবাদৰ ধৌজ গাঁৱৰ উক্ত চিকিৎসা মহাবিদ্যালয়খনত কৰ্মৰত আছিল।
পিছত তদন্তত প্ৰকাশ পাইছে যে শ্ৰীনগৰত জৈছ-ই-মহম্মদৰ সমৰ্থনত পোষ্টাৰ লগোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা আদিল মজিদ ৰাথেৰো আল-ফালাহ মেডিকেল কলেজৰ সৈতে জড়িত আছিল। আনকি ‘হত্যাকাৰী’ বাহনখনৰ চালক ওমৰ উন নবীয়েও হয়তো চিকিৎসালয়ত কাম কৰি আছিল।
ইয়াৰ ভিতৰত কনিষ্ঠ চিকিৎসক হিচাপে কাম কৰা মুজাম্মিলে হোষ্টেলৰ ১৭ নং বিল্ডিঙৰ ১৩ নং কোঠাত বাস কৰিছিল। তদন্তকাৰীয়ে সন্দেহ কৰিছে যে এই কোঠাটোৱেই আছিল বিস্ফোৰণৰ সকলো পৰিকল্পনাৰ কেন্দ্ৰবিন্দু।
৭০ একৰ মাটিত বিস্তৃত আল-ফালাহ হাৰিয়ানা-দিল্লী সীমান্তৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
কেম্পাছৰ ভিতৰতে অৱস্থিত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ হোষ্টেল। তাতেই ওমৰ আৰু তেওঁৰ সহযোগীসকলে গোপনে লগ হৈছিল। বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰটো মুজাম্মিলৰ কোঠাৰ পৰা মাত্ৰ কেইমিটাৰমান দূৰত আছিল। তদন্তকাৰীয়ে সন্দেহ কৰিছে যে অভিযুক্তই প্ৰথমে তাৰ পৰাই বোমা নিৰ্মাণৰ ৰাসায়নিক সামগ্ৰী সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল।
যিহেতু ওমৰ আৰু শ্বাহীন দুয়োজনেই বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, সেয়েহে তেওঁলোকে পৰীক্ষাগাৰৰ পৰা কিছু ৰাসায়নিক পদাৰ্থও আঁতৰাই পেলাইছিল। ইয়াৰ পিছত ফৰিদাবাদৰ ধৌজ আৰু টাগা গাঁৱৰ দুটা পৃথক গোপন শিবিৰলৈ প্ৰেৰণ কৰা হয়। তদন্তৰ স্বাৰ্থত এতিয়া হোষ্টেলৰ ১৩ নং কোঠাটো ছীল কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, তাৰ পৰা কেইবাটাও ইলেক্ট্ৰ’নিক ডিভাইচ আৰু পেন ড্ৰাইভ উদ্ধাৰ কৰা হৈছে।
আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পি টি আয়েও প্ৰকাশ কৰিছে যে চাৰিওজন চিকিৎসকে কেইবামাহো ধৰি বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰি দিল্লীৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল। প্ৰায় ২৬ লাখ টকা সংগ্ৰহ কৰা হয়।
টকাখিনি সুৰক্ষিত ৰাখিবৰ বাবে ওমৰৰ হাতত তুলি দিয়া হয়। পিছত সেই ধনৰ এটা অংশ লৈ অভিযুক্তই গুৰুগ্ৰাম, নুহ আৰু ওচৰৰ চহৰৰ বজাৰৰ পৰা প্ৰায় ২৬ কুইণ্টল এন পি কে সাৰ ক্ৰয় কৰে, যিটো ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) নিৰ্মাণৰ অন্যতম উপাদান। ইয়াৰ বাবে মুঠ ৩ লাখ টকা ব্যয় কৰা হৈছিল।
আনহাতে, বিশ্ববিদ্যালয়ৰ লেবৰ পৰা চোৰাংকৈ অনা ৰাসায়নিক পদাৰ্থৰ সহায়ত অক্সিডাইজাৰ বা জাৰণকাৰীৰ লগত সামান্য পৰিমাণৰ এমোনিয়াম নাইট্ৰেট মিহলাই বিস্ফোৰক তৈয়াৰ কৰা হৈছিল। অৱশ্যে এই সকলোবোৰ দাবী অস্বীকাৰ কৰিছে আল-ফালাহ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। বিশ্ববিদ্যালয়খনৰ কৰ্মৰৰত হোৱাৰ বাহিৰে গ্ৰেপ্তাৰ হোৱা চিকিৎসকসকলৰ সৈতে আন কোনো সম্পৰ্ক নাছিল বুলি উল্লেখ কৰিছে।
বৰঞ্চ ভুৱা তথ্য বিয়পাই বিশ্ববিদ্যালয়খনৰ সুনাম কলংকিত কৰাৰ প্ৰয়াস কৰা হৈছে বুলিও দাবী কৰে। আনহাতে, বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰত বিস্ফোৰক তৈয়াৰ কৰা বুলি কৰা দাবীকো বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মিছা বুলি দাবী কৰিছে।










