
দিল্লী বিস্ফোৰণৰ (Delhi Blast) আঁৰত নাম জড়িত হোৱা হাৰিয়ানাৰ ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয় তদন্তকাৰীৰ লক্ষ্যত। এইবাৰ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে বিশ্ববিদ্যালয়খনলৈ কাৰণ দেখুওৱাৰ জাননী প্ৰেৰণ কৰিছে।

অভিযোগ কৰা হৈছে যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকৰ অনুমোদনৰ বিষয়ে ভুৱা তথ্য নিজৰ ৱেবছাইটত প্ৰকাশ কৰিছে। নাকে (NAAC) তেওঁলোকক কোনো ধৰণৰ অনুমোদন দিয়া নাই।
আল-ফালাহলৈ প্ৰেৰণ কৰা কাৰণ দেখুওৱাৰ জাননীত নাকে লিখিছে, “কলেজখনে কেতিয়াও স্বীকৃতিৰ বাবে আবেদন কৰা নাই। নাকে কোনো স্বীকৃতি দিয়া নাই।”
তেওঁলোকে লগতে কয় যে কলেজখনৰ ৱেবছাইটত লিখা আছে, “আল-ফালাহ বিশ্ববিদ্যালয় আল-ফালাহ চেৰিটেবল ট্ৰাষ্টে স্থাপন কৰিছিল। ইয়াৰ চৌহদত তিনিখন কলেজ আছে, আল-ফালাহ স্কুল অব ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজী (১৯৯৭ চনত স্থাপিত, নাকে ইয়াক ‘এ’ গ্ৰেড দিছিল), ব্ৰাউন হিল কলেজ অব ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজী (২০০৮ চনত স্থাপিত), আল-ফালাহ স্কুল অব এডুকেচন এণ্ড ট্ৰেইনিং (২০০৬ চনত স্থাপিত, নাকে ইয়াক ‘এ’ গ্ৰেড দিছিল)।”
কাৰণ দেখুওৱাৰ জাননীখনত নাকে কয় যে আল-ফালাহ বিশ্ববিদ্যালয়ে নিজৰ ৱেবছাইটত প্ৰদান কৰা তথ্য ‘ভুল’। ই ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু অংশীদাৰসকলক বিপথে পৰিচালিত কৰিছে। এই সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা ব্যাখ্যা বিচাৰিছে নাকে। বিশ্ববিদ্যালয়খনে তেওঁলোকৰ স্বীকৃতি সন্দৰ্ভত ৱেবছাইটত প্ৰদান কৰা তথ্যসমূহো শীঘ্ৰে আঁতৰোৱাৰ নিৰ্দেশ দিছে।
উল্লেখ্য যে সোমবাৰে সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সমীপত গাড়ীত হোৱা বিস্ফোৰণত ১৩ জন লোক নিহত হোৱাৰ উপৰি বহুকেইজন আহত হয়। ঘটনাৰ তদন্তত তিনিগৰাকী চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোক কোনো প্ৰকাৰে আল-ফালাহ বিশ্ববিদ্যালয়ৰ লগত জড়িত হৈ আছিল। ধৃত মুজাম্মিল আহমেদ আৰু শ্বাহীন ছাহীদে চিকিৎসালয়খনত কৰ্মৰত আছিল।
শ্ৰীনগৰত জয়ছ-ই-মহম্মদৰ সমৰ্থনত পোষ্টাৰ লগোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা আদিল মজিদ ৰাথাৰৰ সৈতেও আল-ফালাহ মেডিকেল কলেজৰ সম্পৰ্ক আছে। ইয়াৰ পিছত বিশ্ববিদ্যালয়খন তদন্তকাৰীৰ তদন্তৰ আওতালৈ আহে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, তেওঁলোকৰ সৈতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী বা চিকিৎসালয়খনৰ চিকিৎসকৰ মাজত যোগাযোগ আছে।
চিকিৎসা মহাবিদ্যালয়খনৰ মেডিকেলৰ ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰে যে তেওঁলোকে কেৱল মুজাম্মিলৰ কথাই নহয়, শ্বাহীন বা আদিলৰ বিষয়েও অৱগত নাছিল। এতিয়া তেওঁলোকৰ একমাত্ৰ চিন্তা, এম বি বি এছ সম্পূৰ্ণ কৰি চাকৰি পাব পাৰিবনে? কোনোবাই তেওঁলোকক বিশ্বাস কৰিবনে?
উল্লেখ্য, আল-ফালাহে ১৯৯৭ চনত অভিযান্ত্ৰিক মহাবিদ্যালয় হিচাপে যাত্ৰা আৰম্ভ কৰিছিল। ৭৬ একৰ মাটিত নিৰ্মিত এই মহাবিদ্যালয়খনত পৰৱৰ্তী সময়ত চিকিৎসা মহাবিদ্যালয়েও যোগদান কৰে।
এখন চিকিৎসালয়ো নিৰ্মাণ কৰা হয়। ২০১৯ চনত আল-ফালাহ মেডিকেল কলেজত স্নাতক ডিগ্ৰী আৰম্ভ কৰা হয়। দুবছৰৰ পাছতে স্নাতকোত্তৰ ডিগ্ৰীও আৰম্ভ হয়। ২০১৪ চনৰ পৰা মহাবিদ্যালয়খন ‘আল-ফালাহ চেৰিটেবল ট্ৰাষ্ট’ৰ অধীনত পৰিচালিত হৈ আহিছে।











