
কিশোৰ-কিশোৰীসকলৰ মাজত বৈবাহিক বিবাদ বা সন্মতিসূচক যৌন সম্পৰ্কৰ ক্ষেত্ৰত শিশু সুৰক্ষা আইনৰ (POCSO) অপব্যৱহাৰ কৰা হৈছে। মঙলবাৰে জনস্বাৰ্থ জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই পৰ্যবেক্ষণ কৰে।

সংবাদ সংস্থা পি টি আইৰ মতে, মঙলবাৰে উচ্চতম ন্যায়ালয়ত যৌন অপৰাধ প্ৰতিৰোধৰ বাবে পক্সো আইন সম্পৰ্কে জনসচেতনতা বৃদ্ধিৰ সন্দৰ্ভত জনস্বাৰ্থ জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰা হয়।
ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে কিশোৰ-কিশোৰীসকলৰ মাজত বৈবাহিক বিবাদ বা সন্মতিসূচক যৌন সম্পৰ্কৰ ক্ষেত্ৰত পক্সো আইনখনৰ অপব্যৱহাৰ কৰা হৈছে। দেশৰ বহু কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতী এই আইনৰ বিধানৰ বিষয়ে অৱগত নহয়। গতিকে এই বিষয়ে ল’ৰাসকলৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে।
ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা আবাদ হৰ্ষদ পন্দৰে দাখিল কৰা আবেদন সন্দৰ্ভত কেন্দ্ৰ, কেন্দ্ৰীয় শিক্ষা আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডলৈ জাননী জাৰি কৰিছিল। আবাদৰ মতে, নিৰ্ভয়া গোচৰৰ পিছৰে পৰা ধৰ্ষণ সম্পৰ্কীয় সকলো আইনৰ সবিশেষ সাধাৰণ ৰাইজক অৱগত কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। ইয়াৰ সমান্তৰালকৈ ল’ৰাসকলৰ মানসিকতা সলনি কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া উচিত।
লগতে সকলো শিক্ষানুষ্ঠানে ১৪ বছৰৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীক মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত বিভিন্ন অপৰাধৰ বিষয়ে বিনামূলীয়াকৈ সতৰ্ক কৰি দিবলৈ দাবী জনায়। মঙলবাৰৰ শুনানিৰ পিছত উচ্চতম ন্যায়ালয়ে গোচৰৰ শুনানি ২ ডিচেম্বৰলৈ স্থগিত ৰাখিছে।











