
জম্মু-কাশ্মীৰৰ চাম্বাত ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ এখন গাঁৱত পাকিস্তানী ড্ৰোন (Pak Drone in JK) দেখা গৈছে। ড্ৰোনখনৰ সন্ধানত সেনা-আৰক্ষীয়ে অভিযান চলাইছে।

শুকুৰবাৰে নিশা ৰামগড় ছেক্টৰৰ নংগা গাঁৱত ড্ৰোন সদৃশ উৰণীয়া বস্তু দেখা বুলি দাবী কৰে গাঁওবাসীয়ে। লগে লগে নিৰাপত্তা বাহিনীক সতৰ্ক কৰি দিয়ে। উৰণীয়া বস্তুটোৱে পাকিস্তানৰ পৰা সীমান্ত পাৰ হোৱা বুলি দাবী কৰিছে গাঁওবাসীয়ে। তেওঁলোকৰ সন্দেহ যে সেয়া পাকিস্তানী ড্ৰোন।
সেনা-আৰক্ষীৰ যুটীয়া বাহিনীয়ে গাঁওবাসীৰ পৰা তথ্য লাভ কৰি সন্দেহজনক উৰণীয়া বস্তুটোৰ সন্ধানত অভিযান চলাই আছে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, সীমান্তৰ কাষৰীয়া গাঁওসমূহত সতৰ্কতা জাৰি কৰা হৈছে।
সন্দেহ কৰা হৈছে যে ড্ৰোনখন ব্যৱহাৰ কৰি অস্ত্ৰ-শস্ত্ৰ বা ড্ৰাগছ সৰবৰাহ হৈছিল। অৱশ্যে ড্ৰোনখনৰ কোনো সন্ধান পোৱা নগ’ল। ইয়াৰ পূৰ্বে পাকিস্তানৰ পৰা অহা ড্ৰোনে সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছিল।
ইয়াৰে অধিকাংশই গুলীয়াই ধ্বংস কৰা বুলি সেনা সূত্ৰই প্ৰকাশ কৰিছে। সেনাৰ এক সূত্ৰই জনোৱা মতে, সন্ত্ৰাসবাদীয়ে কেতিয়াবা ড্ৰোন ব্যৱহাৰ কৰি অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহ কৰে। তেনে কোনো ড্ৰোনে সীমান্তত প্ৰৱেশ কৰিছে নেকি তাৰ তদন্ত চলি আছে।










