
শেহতীয়াকৈ ছিংগাপুৰত স্কুবা ডাইভিঙৰ (Scuba diving) সময়তে কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি খবৰ ওলাইছিল। যদিও পিছত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে যে স্কুবা ডাইভিঙত নহয়, সাঁতুৰি ডুব গৈয়েই মৃত্যুবৰণ কৰিছিল জুবিন গাৰ্গে।

সেই বিতৰ্কৰ মাজতে এইবাৰ পোহৰলৈ আহিল মুম্বাইৰ প্ৰযুক্তিবিদ খিতিজ জোদাপৰ স্কুবা ডাইভিঙৰ অভিজ্ঞতা। তেওঁৰ ভাগ্য জুবিনৰ দৰেই হ’লহেঁতেন। কিন্তু হাতত থকা এপ’ল ঘড়ীটোৱে তেওঁৰ জীৱন ৰক্ষা কৰিলে।
২৬ বছৰীয়া খিটিজৰ স্কুবা ডাইভিঙৰ প্ৰতি প্ৰেম আছে। ২০২০ চনৰ পৰা সুযোগ পালেই গভীৰ সাগৰত কিছু সময় কটায়। কিন্তু শেহতীয়াকৈ পুডুচেৰীৰ সাগৰত স্কুবা ডাইভিং কৰি থকাৰ সময়তে তেওঁ বিপদত পৰে।
খিতিজে কয় যে যেতিয়া তেওঁ স্কুবা ডাইভিং কৰি আছিল তেতিয়া সাগৰখন ৰুক্ষ আছিল। পানীৰ তলত দৃশ্যমানতা কম আছিল (৫ৰ পৰা ১০ মিটাৰ)।
সাগৰৰ প্ৰায় ৩৬ মিটাৰ গভীৰতালৈ যাওঁতে হঠাতে তেওঁৰ কঁকালৰ বেল্টডাল ঢিলা হৈ পৰে। স্কুবা ডাইভিঙৰ সময়ত প্ৰয়োজনীয় সকলো সঁজুলি সেই বেল্টডালৰ লগত সংলগ্ন হৈ আছিল। পানীৰ তলত এক প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হয়।
শেষত হাতত পিন্ধি থকা এপ’লৰ ঘড়ীটোৱে তেওঁৰ জীৱন ৰক্ষা কৰে। পানীৰ চাপ অনুভৱ কৰি ঘড়ীটোৱে বাৰে বাৰে খিতিজক সকীয়াই থাকে। পৰ্দাত সতৰ্কবাণী বাৰ্তা আহে। কেৱল সেয়াই নহয়, ঘড়ীটোৱে সেই পৰিস্থিতিত কি কৰিব লাগে সেই কথাও কৈছিল। কিন্তু সেই মুহূৰ্ততে খিতিজে পানীৰ তলত নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাই তেওঁ আৰু গভীৰলৈ গৈ থাকিল।
তেওঁৰ ঘড়ীটোৱে এই কথা অনুভৱ কৰিলে। লগে লগে ঘড়ীটোত ‘ডেঞ্জাৰ চাইৰেন’ বাজিবলৈ ধৰিলে। ক্ৰমান্বয়ে চাইৰেনৰ শব্দ বাঢ়ি অহাৰ লগে লগে খিতিজৰ লগত থকা প্ৰশিক্ষকৰ ওচৰ পালেহি। লগে লগে গৈ তেওঁক নিৰাপদে উঠাই আনে।
দীৰ্ঘদিন ধৰি এপ’ল ঘড়ী ব্যৱহাৰ কৰাৰ পিছতো খিতিজে নাজানিছিল যে ইয়াত এনেকুৱা এটা বৈশিষ্ট্য আছে। তেওঁ কয়, “পানীৰ তলত কি হৈ আছে, কিমান বিপদত পৰিছো, সেই কথা গম পোৱাৰ আগতেই মোৰ ঘড়ীটোত সতৰ্কবাণীৰ বাৰ্তা আহিবলৈ ধৰিলে। প্ৰথমতে মই আওকাণ কৰিলোঁ। তাৰ পিছত ঘড়ীটোৱে ডাঙৰ শব্দ কৰিবলৈ ধৰিলে। সেই শব্দই মোৰ জীৱন ৰক্ষা কৰিলে।”
তেওঁ নিজৰ অভিজ্ঞতা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। কেৱল সেয়াই নহয়, তেওঁ এপ’লৰ চি ই অ’ টিম কুকৰো দৃষ্টি আকৰ্ষণ কৰে। কুকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “এপ’ল ঘড়ীৰ শব্দৰ বাবেই তেওঁৰ জীৱন ৰক্ষা পোৱাত মই অতি সুখী।” এপ’লৰ চি ইঅ’ গৰাকীয়ে খিতিজক তেওঁৰ অভিজ্ঞতা শ্বেয়াৰ কৰাৰ বাবে ধন্যবাদ জনায়।










