
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ নেতা গায়ত্ৰী প্ৰজাপতিক লক্ষ্ণৌৰ এখন কাৰাগাৰত (Lucknow jail case) আক্ৰমণ কৰা হয়। বুধবাৰৰ এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা গায়ত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

যোগী আদিত্যনাথ চৰকাৰক দোষাৰোপ কৰি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাইছে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি, শাৰীৰিক সমস্যাৰ বাবে গায়ত্ৰীক লক্ষ্ণৌ কাৰাগাৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাতে সতীৰ্থ কয়দী এজনে ভঙা আলমাৰীৰ টুকুৰা এটাৰে তেওঁৰ মূৰত আঘাত কৰে।
গায়ত্ৰীৰ পত্নী তথা আমেথিৰ সমাজবাদী পাৰ্টীৰ বিধায়িকা মহাৰাজী প্ৰজাপতিয়ে তেওঁৰ স্বামীক হত্যাৰ উদ্দেশ্যেৰে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে ২০১৭ চনৰ মাৰ্চ মাহত উত্তৰ প্ৰদেশত ক্ষমতা সলনি হোৱাৰ চাৰিদিনৰ ভিতৰতে দলবদ্ধ ধৰ্ষণৰ অভিযোগত অভিযুক্ত সমাজবাদী পাৰ্টী নেতা গায়ত্ৰীক গ্ৰেপ্তাৰ কৰা হয়।
চিত্ৰকূট অঞ্চলৰ এগৰাকী মহিলাই এছ পি নেতাগৰাকী আৰু তেওঁৰ ছয় সহযোগীৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ এজাহাৰ দাখিল কৰিছিল। অভিযোগকাৰীয়ে আৰক্ষীক জনাইছিল যে তেওঁৰ নাবালিকা কন্যাকো ধৰ্ষণৰ চেষ্টা কৰা হৈছিল।












