
ইজৰাইলে মঙলবাৰৰ পৰা গাজা ষ্ট্ৰিপ দখল কৰি আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে (Israel Attack on Gaza)। কেৱল বিমানযোগে নহয়, গাজাত প্ৰৱেশ কৰিছে ইজৰাইলৰ সেনাৰ স্থল বাহিনীও। লগতে জনসাধাৰণক হুঙ্কাৰ দিছে, “গাজা এৰি যোৱা।” ইয়াৰ সমান্তৰালভাৱে গাজাত অব্যাহত আছে বোমা বিস্ফোৰণ আৰু গুলীচালনাও।

মঙলবাৰে ইজৰাইলৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ৮০ জন। বুধবাৰে এই সংখ্যা বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। গাজাৰ স্থানীয় চিকিৎসা সূত্ৰৰ মতে, ৩০ জনতকৈ অধিক লোক গাজাত নতুনকৈ মৃত্যু হৈছে।
ইজৰাইলে এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে পণবন্দীসকলক মুকলি কৰি হামাছৰ পৰাজয় নিশ্চিত কৰাৰ কাম অব্যাহত আছে। সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ ওপৰত আঘাত হানিছে। গাজা জ্বলি আছে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে তেওঁলোকৰ লক্ষ্য হৈছে গাজাত পেলেষ্টাইন সমৰ্থক সশস্ত্ৰ সংগঠন হামাছৰ শেষ দুৰ্গটো ধ্বংস কৰা। গাজাত ইজৰাইলৰ আক্ৰমণত সাধাৰণ পেলেষ্টাইনী লোক নিহত হোৱাৰ অভিযোগ বাৰে বাৰে উত্থাপিত হৈছে।
কেৱল গাজায়ে নহয়, ইৰাণৰ সমৰ্থিত হুথি গোটকো ইজৰাইলৰ সেনাই লক্ষ্য কৰি লৈছে।
মঙলবাৰে ইজৰাইল সেনাই য়েমেনৰ হোদেইদা বন্দৰত আক্ৰমণ চলায়। মঙলবাৰে সন্ধিয়া (ভাৰতৰ সময় মতে) পৰ্যন্ত য়েমেনত ১২টা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বাতৰি পোৱা গৈছে। অৱশ্যে আক্ৰমণৰ পূৰ্বে ইজৰাইলে য়েমেন খালী কৰাৰ নিৰ্দেশ দিছিল। অৱশ্যে বুধবাৰে য়েমেনত কোনো নতুন আক্ৰমণ সংঘটিত হোৱা নাই।
আনহাতে, ইজৰাইলৰ এই আক্ৰমণক গৰিহণা দিছে আন্তঃৰাষ্ট্ৰীয় সমাজে। নেতানিয়াহু চৰকাৰে আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগো উত্থাপন হৈছে ।
অৱশ্যে গাজা ষ্ট্ৰিপত ইজৰাইলে নিজৰ অভিযান অব্যাহত ৰাখিছে। ৰাষ্ট্ৰসংঘই এই আক্ৰমণক গৰিহণা দি কয় যে ইজৰাইলে গাজাত গণহত্যা সংঘটিত কৰি আছে। মঙলবাৰে নিশা (স্থানীয় সময় অনুসৰি) বিমান আৰু বন্দুকৰ গুলীৰ শব্দই বাৰে বাৰে গাজা চহৰ কঁপাই তোলে।
ভয়তে ঘৰৰ পৰা পলায়ন কৰিবলৈ আৰম্ভ কৰে বাসিন্দাসকলে। কোনোমতে নিজৰ প্ৰয়োজনীয় বস্তুবোৰ লৈ নিৰাপদ স্থানলৈ যাবলৈ চেষ্টা কৰাৰ ফলত গাজাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। গাজাৰ বাসিন্দাসকলৰ আতংকৰ ছবি প্ৰকাশ কৰি চি এন এনে প্ৰকাশ কৰা অনুসৰি, গাজাত গোটেই নিশাটো আক্ৰমণ অব্যাহত থাকে।
মাছাৰ আল-আদৱান নামৰ গাজাৰ এজন বাসিন্দাই চি এন এনক কয়, “মই গোটেই ৰাতি শুৱা নাই। ভয়, ভয়, সকলোৱে ভয়ত পলাইছে। আমাৰ মূৰৰ ওপৰত বিস্ফোৰণ ঘটিছে।” কেৱল মায়ছাৰেই নহয়, গাজাৰ প্ৰায় সকলো বাসিন্দাৰ অভিজ্ঞতা একেই।










