
ভাৰতত বিগত এমাহত সামগ্ৰিকভাৱে নিবনুৱাৰ হাৰ (Unemployment) কিছু হ্ৰাস পাইছে। কিন্তু দেশৰ চাকৰিৰ বজাৰত মহিলাসকল, বিশেষকৈ যুৱতীসকলৰ বাবে অংশগ্ৰহণৰ সুযোগ অধিক সীমিত হৈ পৰিছে। চাকৰি হেৰুওৱাৰ হাৰো বৃদ্ধি পাইছে।

কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ শেহতীয়া প্ৰতিবেদনত দেশৰ চাকৰিৰ বজাৰ সন্দৰ্ভত প্ৰকাশ পাইছে প্ৰতিবেদন।
সোমবাৰে প্ৰকাশ পোৱা প্ৰতিবেদনত কোৱা হৈছে যে জুলাই মাহত দেশত নিবনুৱাৰ হাৰ ৫.২ শতাংশৰ পৰা আগষ্ট মাহত ৫.১ শতাংশলৈ হ্ৰাস পাইছে। এই হাৰ যোৱা পাঁচ মাহৰ ভিতৰত সৰ্বনিম্ন। কিন্তু সমীক্ষা প্ৰকাশ পোৱাৰ পিছতে মহিলাৰ নিবনুৱাৰ হাৰ বৃদ্ধিৰ বাবে উদ্বেগ বাঢ়িছে।
প্ৰতিবেদনত দেখা গৈছে যে ভাৰতত মহিলাৰ মাজত নিবনুৱা সমস্যা বিগত চাৰি মাহ ধৰি ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে। এই ধাৰা চহৰ আৰু গ্ৰাম্য উভয় অঞ্চলতে অব্যাহত আছে। আগষ্ট মাহত চহৰ অঞ্চলত ১৫-২৯ বছৰ বয়সৰ মহিলাৰ নিবনুৱাৰ হাৰ ২৫.৭ শতাংশলৈ বৃদ্ধি পাইছে, যিটো চহৰৰ যুৱক-যুৱতীসকলৰ তুলনাত প্ৰায় ১০ শতাংশ বেছি।
আগষ্টৰ পৰিসংখ্যা অনুসৰি, ১৫-২৯ বছৰ বয়সৰ চহৰীয়া পুৰুষৰ নিবনুৱাৰ হাৰ ১৫.৬ শতাংশ, জুলাই মাহত ই ১৭.১ শতাংশ আছিল। যোৱা মাহত চহৰৰ যুৱক-যুৱতীসকলৰ নিবনুৱাৰ হাৰ আছিল প্ৰায় ১৯ শতাংশ। আগষ্ট মাহত ই ১৮ শতাংশৰ ওচৰলৈ নামি আহিছিল।
ভাৰতৰ গ্ৰাম্য অঞ্চলৰ চাকৰিৰ বজাৰতো ১৫-২৯ বছৰ বয়সৰ পুৰুষ-মহিলাৰ ব্যৱধান চকুত পৰা হৈছে। জুলাই মাহত দুয়োৰে নিবনুৱাৰ হাৰ আছিল ১৩ শতাংশ। আগষ্ট মাহত যুৱ নিবনুৱাৰ হাৰ ১২.৬ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে মহিলাৰ নিবনুৱাৰ হাৰ ১৪.৩ শতাংশলৈ বৃদ্ধি পাইছে। ফলত সামগ্ৰিকভাৱে নিবনুৱাৰ হাৰ এতিয়াও ১৩ শতাংশ।













