
মেঘালয়ৰ টপচেম চিমেণ্ট কোম্পানীৰ আবাসন এলেকাত কাছাৰৰ বৰিতলী গাঁৱৰ এটি পৰিয়ালৰ তিনিজন সদস্যৰ কৰুণ মৃত্যু হয় (Meghalaya Death)। মৃত্যু হোৱা ব্যক্তিসকল হৈছে ক্ৰমে ৰিপা দাস (২৪), তেওঁৰ কন্যা অৰ্পিতা দাস (৫ বছৰ) আৰু পঞ্চমী দাস (৬ মাহ)।

জানিব পৰা মতে, দেওবাৰে দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত স্বামী অৰ্পন দাস কৰ্মস্থলীলৈ গৈছিল। সন্ধিয়া ঘূৰি আহি দেখা পাই তেওঁৰ পত্নী ৰিপা আৰু দুটা শিশু শিশুক মৃত অৱস্থাত আছে। তেওঁৰ পত্নী ৰিপাই আত্মহত্যা কৰিছিল যদিও এতিয়া সন্তান দুটিৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।
ৰিপাৰ পিতৃ ৰতন দাসে জোঁৱাই অৰ্পন দাসৰ বিৰুদ্ধে এজাহাৰ জাৰি কৰিছে। তেওঁৰ মতে, ৰিপা আৰু শিশু দুটাক দীৰ্ঘদিন ধৰি স্বামীয়ে শাৰীৰিক আৰু মানসিকভাবে নির্যাতন কৰিছিল। মৃত্যুৰ আগতে ৰিপাই দেউতাকক ফোন কৰি সহায়ৰ বিষয়ে জনাইছিল।
এই সমগ্ৰ ঘটনাই বৰ্তমান শোকৰ ছাঁ পেলাইছে এতিয়া বৰিতলী গাঁও আৰু কাটিগড়া অঞ্চলত।













