
দিল্লী-এনচিআৰত জাৰি কৰা হৈছে বান সতৰ্কতা (Delhi Flood)। ইতিমধ্যে ৰাজধানী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ যমুনা পানীয়ে বুৰাই পেলাইছে। বিপজ্জনকভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে নদীৰ পানী। ফলত বানপানীৰ আশংকা কৰা হৈছে।

আতংকিত বাসিন্দাসকলে ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে। মঙলবাৰে যমুনাৰ পানী যমুনা বজাৰ আৰু স্থানীয় অঞ্চলত প্ৰৱেশ কৰে। কোনো কোনো ঠাইত পানী কঁকাললৈকে, কোনো কোনো ঠাইত আঁঠুলৈকে। ফলত আতংকিত বাসিন্দাসকলে অঞ্চলটো এৰি যাবলৈ আৰম্ভ কৰিছে।
মঙলবাৰে পুৱা ৬ বজাত যমুনাৰ পানীয়ে বিপদসামী অতিক্ৰম কৰি স্থানীয় অঞ্চলত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। অৱশ্যে পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ আশংকা কৰিছে প্ৰশাসনে।
ধাৰাসাৰ বৰষুণৰ ফলত সোমবাৰে হাতীকুণ্ডা বান্ধৰ জলপৃষ্ঠই ৩ লাখ কিউচেক অতিক্ৰম কৰে।
ফলত বান্ধটোৰ ১৮খন গেট খুলি দিয়া হয়। সোমবাৰে পুৱালৈকে হাতীকুণ্ডা বান্ধৰ পৰা ২৯ হাজাৰ ৩১৩ কিউচেক পানী এৰি দিয়া হৈছে। ফলত যমুনাৰ জলপৃষ্ঠ বৃদ্ধি পাই সোমবাৰে বিয়লিলৈকে দিল্লীৰ নিম্নভূমি অঞ্চল বুৰাই পেলায়। স্থানীয় প্ৰশাসনে সমগ্ৰ নিশা পৰিস্থিতিৰ ওপৰত চকু ৰাখে।
প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে পুৱাৰে পৰা ৰাজধানীৰ যমুনাৰ গাতে লাগি থকা অঞ্চলসমূহৰ পৰিস্থিতি আৰু অধিক অৱনতি ঘটিছে। ২০৫.৩৩ মিটাৰলৈ উঠিছে বিপদসীমাৰ স্তৰ। মঙলবাৰে পুৱা দিল্লীৰ যমুনাৰ জলপৃষ্ঠ ২০৫.৬৮ মিটাৰত উপনীত হয়। সন্ধিয়া ৫ বজাৰ ভিতৰত ২০৬.৫০ মিটাৰ জলপৃষ্ঠ স্পৰ্শ কৰিব বুলি সকীয়াই দিছে প্ৰশাসনে।
দিল্লীৰ যমুনাৰ জলপৃষ্ঠ ২০৭ মিটাৰ বা তাতকৈ অধিক হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই। অৱশ্যে যমুনাৰ কাষৰীয়া অঞ্চলবোৰত বানপানী হ’লেও এই পৰিস্থিতিয়ে মহানগৰীত কোনো প্ৰভাৱ নেপেলায় বুলি আশ্বাস দিয়ে। অৱশ্যে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসন সম্পূৰ্ণ প্ৰস্তুত বুলিও উল্লেখ কৰে।











