
এগৰাকী চিকিৎসকক ‘ডিজিটেলি গ্ৰেপ্তাৰ’(Digital Arrest) কৰি ১৯ কোটি টকা প্ৰৱঞ্চনাৰ অভিযোগ। গুজৰাটৰ গান্ধীনগৰৰ মহিলা চিকিৎসকগৰাকীক ১০২ দিন ধৰি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে।

চাইবাৰ প্ৰৱঞ্চকৰ জালত পৰি চিকিৎসকগৰাকীয়ে তেওঁলোকৰ দাবী পূৰণৰ বাবে নিজৰ কেইবাটাও ফিক্সড ডিপ’জিট উলিয়াই ভাঙি পেলায়। কেৱল সেয়াই নহয়, তেওঁ ঋণো লয়।
অভিযোগ অনুসৰি, মহিলাগৰাকীৰ পৰা আদায় কৰা ১৯ কোটি টকা ৩০টা ভিন্ন বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে। ইতিমধ্যে এই ঘটনাত এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বাকীবোৰৰ সন্ধান চলি আছে। মাৰ্চ মাহৰ পৰাই এই ঘটনা আৰম্ভ হৈছিল। প্ৰথমে অচিনাকি নম্বৰৰ পৰা ফোন আহে। ফোনটোৰ সিটো মূৰত মহিলাৰ কন্ঠস্বৰ।
তেওঁ নিজকে দূৰসংযোগ বিভাগৰ এগৰাকী বিষয়া বুলি পৰিচয় দিয়ে। ইয়াৰ পিছতে আৰক্ষীৰ উপ-পৰিদৰ্শক বুলি দাবী কৰি আন এজন ব্যক্তিয়ে ফোন কৰে। অৱশেষত আৰু তিনিটা ফোন আহে, তাৰে দুজন উকীল আৰু এজন নটাৰী অফিচাৰ। সকলোৱে একে কথাই কয়।
মহিলা চিকিৎসকগৰাকীৰ মোবাইল নম্বৰৰ পৰা আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰা বুলি অভিযোগ উঠা বুলি কয়। বলবৎকাৰী সঞ্চালকালয়ৰ (ইডি) নামত ভুৱা নথি-পত্ৰও দেখুৱায় তেওঁক। গোচৰ ৰুজু কৰাৰ ভাবুকি দি তেওঁক আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি সম্পত্তিৰ নথি-পত্ৰলৈকে বিচাৰে।
সকলো নথি-পত্ৰ চোৱাৰ পিছত প্ৰৱঞ্চকসকলে চিকিৎসকগৰাকীক জনায় যে তেওঁৰ হাতত প্ৰায় ২০ কোটি টকাৰ সম্পত্তি আছে। তদন্তৰ বাবে তেওঁ সমান ধন জমা দিবলগীয়া হয়। বিভিন্ন ফালৰ পৰা হেঁচাত পৰি তেওঁ ফান্দত ভৰি দিয়ে।
প্ৰৱঞ্চকসকলে কৰা দাবী অনুসৰি ধন সংগ্ৰহ কৰিবলৈ তেওঁ নিজৰ কেইবাটাও ফিক্সড ডিপ’জিট উলিয়াই লয়। তেওঁৰ সোণৰ গহনাও বিক্ৰী কৰে। তেতিয়াও তেওঁ সম্পূৰ্ণ ধন সংগ্ৰহ কৰিব পৰা নাছিল, সেয়েহে তেওঁ ঋণ লৈছিল। মুঠতে তেওঁ প্ৰৱঞ্চকসকলে দিয়া বিভিন্ন বেংক একাউণ্টলৈ প্ৰায় ১৯ কোটি টকা প্ৰেৰণ কৰে।
পিছত তেওঁক প্ৰতাৰণা কৰা হৈছে বুলি উপলব্ধি কৰি যোৱা সপ্তাহত থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে এই গোচৰৰ তদন্তত লালজী জয়ন্তীভাই বলদনিয়া নামৰ এজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এইজন ব্যক্তিক প্ৰৱঞ্চনামূলক ধন উলিয়াবলৈ ব্যৱহাৰ কৰা বেংক একাউণ্টৰ সৈতে জড়িত কৰা হৈছে। তদন্তকাৰীয়ে বাকী অভিযুক্তসকলৰ সন্ধানো অব্যাহত ৰাখিছে। একে সময়তে মহিলাগৰাকীৰ পৰা লোৱা ধনখিনি উদ্ধাৰৰ চেষ্টা চলাই আছে আৰক্ষীয়ে।












