
বেয়া হাতৰ আখৰৰ বাবে শিক্ষাৰ্থীৰ হাত জ্বলাই দিয়াৰ অভিযোগ এগৰাকী গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে। মুম্বাইৰ মালাদ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। শিক্ষাৰ্থীৰ পিতৃ-মাতৃয়ে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীৰ নাম ৰাজশ্ৰী ৰাথোৰ। তেওঁৰ ঘৰ মালাড ইষ্ট অঞ্চলত। তৃতীয় শ্ৰেণীৰ ছাত্ৰজন প্ৰতিদিনে সন্ধিয়া ৭ বজাৰ পৰা নিশা ৯ বজালৈ তেওঁৰ ওচৰলৈ পঢ়িবলৈ যায়।
২৮ জুলাইতো তেওঁ পঢ়িবলৈ গৈছিল। তেওঁৰ ভনীয়েকেও একেলগে পঢ়িবলৈ যায়, কিন্তু সেইদিনা তেওঁ যোৱা নাছিল।
ছাত্ৰজনৰ পিতৃয়ে দাবী কৰা মতে, নিশা প্ৰায় ৯ বজাত শিক্ষয়িত্ৰী ৰাথোৰে তেওঁক ফোন কৰি তেওঁৰ পুত্ৰই বহুত কান্দিছে বুলি কৈ সোনকালে ঘৰলৈ লৈ যাবলৈ কয়।
ফোন পোৱাৰ পিছতে ছাত্ৰজনৰ পিতৃ শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত উপস্থিত হয়। ইয়াৰ পিছত পুত্ৰৰ সৈতে ঘৰলৈ যাবলৈ ৰাওনা হয়। কিন্তু ঘৰলৈ উভতি অহাৰ পথত শিশুটিয়ে পিতৃক কয় যে শিক্ষয়িত্ৰীগৰাকীয়ে মমেৰে তেওঁৰ হাতখন জ্বলাই দিছে। কিয় জ্বলাই দিলে বুলি সোধাত শিশুটিয়ে কয় যে তেওঁৰ বেয়া হাতৰ আখৰৰ বাবে শাস্তি দিছিল।
জ্বলি থকা মমডালৰ ওপৰত সোঁহাতৰ তলুৱাখন লগাই দিয়ে। ইয়াৰ ফলত তেওঁৰ হাতখন জ্বলি যায়। ইয়াৰ পিছত পিতৃয়ে শিশুটিক চিকিৎসালয়লৈ লৈ যায়। তাতে হাতৰ চিকিৎসা কৰি তেওঁ থানালৈ গৈ শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।










