
নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ (Ajad hind fauj) কথা ক’বলৈ গ’লে প্ৰায়ে এনে কেইগৰাকীমান বীৰ নাৰীৰ নাম উল্লেখ কৰা হয়, যিসকলে কেৱল দেশৰ বাবে অস্ত্ৰ তুলি লোৱাই নহয়, গোপন অভিযান চলাই ব্ৰিটিছৰ নিদ্ৰা হৰণ কৰিছিল।

১৯০২ চনৰ ৫ মাৰ্চত উত্তৰ প্ৰদেশৰ এটা বিশিষ্ট ব্যৱসায়িক পৰিয়ালত জন্মগ্ৰহণ কৰা নীৰা আৰ্যৰ বিবাহ হৈছিল ব্ৰিটিছ আনুগত্যবাদী আৰক্ষী বিষয়া শ্ৰীকান্ত জয়ছোৱালৰ সৈতে। শ্ৰীকান্তে নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিৰুদ্ধে কাম কৰি আছিল। কিন্তু নীৰাৰ হৃদয়ত দেশপ্ৰেমৰ শিখাই তেওঁক স্বামীৰ বিৰুদ্ধে গৈ স্বাধীনতাৰ বাবে যুঁজিবলৈ শক্তি প্ৰদান কৰিছিল।
যেতিয়া নীৰাই গম পালে যে তেওঁৰ স্বামীয়ে নেতাজীক হত্যা কৰিবলৈ ব্ৰিটিছ চৰকাৰৰ পৰা নিৰ্দেশ পাইছে, তেতিয়া তেওঁ এক সাহসী সিদ্ধান্ত লয়। স্বামীক হত্যা কৰি ব্ৰিটিছৰ পৰিকল্পনা বিফল কৰে। এই ঘটনাই তেওঁৰ সাহসৰ সাক্ষ্য বহন কৰাই নহয়, দেশৰ প্ৰতি তেওঁৰ অটল আনুগত্যকো প্ৰতিফলন কৰে। এই ঘটনাৰ পিছত নীৰা আৰ্যই আজাদ হিন্দ ফৌজৰ মহিলা শাখা ‘ঝাঁচী কি ৰাণী ৰেজিমেণ্ট’ত যোগদান কৰে।
সৈনিক হোৱাৰ সলনি তেওঁ গুপ্তচৰৰ বিপজ্জনক কামটো বাছি লৈছিল। তেওঁ বিভিন্ন অঞ্চললৈ গৈ ব্ৰিটিছ সেনাৰ কাৰ্যকলাপৰ তথ্য সংগ্ৰহ কৰিছিল আৰু আজাদ হিন্দ ফৌজক সেই বিষয়ে অৱগত কৰিছিল। তেওঁৰ উদ্দেশ্য আছিল নেতাজীৰ পৰিচয় আৰু স্থান গোপন কৰি ৰখা আৰু চোৰাংচোৱাগিৰিৰ পৰা পোৱা তথ্য গোপন যোগাযোগৰ জৰিয়তে প্ৰেৰণ কৰা।
অভিযানৰ সময়ত ব্ৰিটিছ চৰকাৰে নীৰাক গ্ৰেপ্তাৰ কৰি স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে। জে’লত অমানৱীয় নিৰ্যাতন চলাইছিল তেওঁৰ ওপৰত। তেওঁৰ বুকুত গৰম লোহাৰ ৰডেৰে দাগ দিয়া হৈছিল। কিন্তু তেওঁ আজাদ হিন্দ ফৌজ বা নেতাজীৰ বিষয়ে এটা শব্দও কোৱা নাছিল।
নেতাজীৰ অৱস্থানৰ বিষয়ে সোধাত তেওঁ কয়, “নেতাজীৰ বিষয়ে মই নাজানো, কিন্তু মোৰ কৰ্তব্য হৈছে মোৰ জীৱনতকৈ দেশক অধিক সুৰক্ষা দিয়া।” কিন্তু স্বাধীনতাৰ পাছত পাহৰণিৰ গৰ্ভত হেৰাই যায় নীৰা। কোনো চৰকাৰী স্বীকৃতি বা সন্মান লাভ কৰা নাছিল তেওঁ।
স্বাধীনতাৰ পিছত তেওঁ অতি সহজ-সৰল জীৱন যাপন কৰি দিল্লীৰ ৰাজপথত ফুল বিক্ৰী কৰি জীৱিকা উপাৰ্জন কৰিছিল। ইয়াৰ পিছতো তেওঁ কেতিয়াও ভাঙি পৰা নাছিল আৰু অতি সহজ-সৰল জীৱন যাপন কৰি গৈছিল।
অৱশ্যে নীৰাৰ বাবে তেওঁৰ ত্যাগৰ বাবে কোনো সন্মানৰ প্ৰয়োজন নাছিল। তেনে এগৰাকী গুপ্তচৰ আছিল চেহমত। তেওঁৰ পিতৃয়ে বিচাৰিছিল তেওঁ দেশৰ সেৱা কৰাটো আৰু সেয়েহে তেওঁ পাকিস্তানী সেনা বিষয়া এজনক বিয়া কৰাইছিল।
মিছনত তেওঁক পাকিস্তানলৈ পঠিওৱা হৈছিল। পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াসকলে কি পৰিকল্পনা কৰিছে সেই কথা জানিবলৈ তেওঁক দায়িত্ব দিয়া হৈছিল। এই অভিযানৰ বাবে চেহমতে পাকিস্তানী সেনা বিষয়া ইকবাল চৈয়দক বিয়া কৰাবলগা হৈছিল।
ইকবালৰ পিতৃ ব্ৰিগেডিয়াৰ পাৰভেজ চৈয়দ সেনাবাহিনীৰ এজন জ্যেষ্ঠ বিষয়াও আছিল। চেহমতক কোৱা হয় যে তেওঁ সেনা বিষয়াৰ কথা-বতৰা শুনিব লাগিব। ‘মৰ্চ ক’ড’ৰ জৰিয়তে জৰুৰীকালীন বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণৰ বাবেও তেওঁক মৌলিক প্ৰশিক্ষণ দিয়া হৈছিল।
১৯৭১ চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ প্ৰায় নিশ্চিত হৈ পৰিছিল। সেই সময়ত ভাৰতৰ যুদ্ধ জাহাজ ‘আই এন এছ বিক্ৰান্ত’ আছিল। পাকিস্তানৰ ওপৰত ভাৰতৰ বিজয় আৰু বাংলাদেশৰ স্বাধীনতাত এই যুদ্ধজাহাজ কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ আছিল।
পাকিস্তানে বংগ উপসাগৰত নিয়োজিত যুদ্ধজাহাজখনক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। ক্ষেপণাস্ত্ৰ সজ্জিত ছাবমেৰিন পি এন এছ গাজীক এই কাম দিয়া হৈছিল। এই বিষয়ে চেহমতে গম পাই তেওঁ ভাৰতক পি এন এছ গাজীৰ স্থানৰ বিষয়ে অৱগত কৰে। লগে লগে নৌসেনাই ব্যৱস্থা গ্ৰহণ কৰি বিশাখাপট্টনম বন্দৰৰ সমীপত পাকিস্তানী ছাবমেৰিনখন ধ্বংস কৰে।
স্বামী ইকবালে তেওঁৰ পৰিচয় গম পোৱাত তেওঁকো হত্যা কৰে চেহমতে। জীৱনৰ বাকী সময়খিনি পঞ্জাবৰ মালেৰকোটলাত কটায়। ২০১৮ চনত মৃত্যু হয় চেহমতৰ। তেওঁৰ প্ৰকৃত পৰিচয় আজিও গোপনে ৰখা হৈছে।









