
অৱশেষত লোকসভাত অপাৰেচন সিন্দুৰৰ (Operation Sindoor) ওপৰত আলোচনা আৰম্ভ হৈছে। বিৰোধীৰ হুলস্থুলৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ভাষণেৰে আৰম্ভ হয় এই বিষয়ত আলোচনা। ৰাজনাথ সিঙে কয়, “২২ মিনিটত সেনাই অভিযান সম্পূৰ্ণ কৰে।”

আনহাতে, ‘চাপ’ৰ বাবেই ভাৰতে অপাৰেচন সিন্দুৰ বন্ধ কৰি দিলে বুলি কৰা দাবী ভিত্তিহীন আৰু ভুল বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সংসদত জনায়। তেওঁ কয়, “ভাৰতে যি মুহূৰ্তত নিজৰ লক্ষ্যত উপনীত হ’ল, সেই মুহূৰ্ততে অভিযান বন্ধ হৈ গ’ল।”
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়, “ভাৰতে পাকিস্তানৰ বিমান ঘাটিত আক্ৰমণ কৰাৰ পিছতহে তেওঁলোকে পৰাজয় স্বীকাৰ কৰিছিল। আগলৈ যদি পাকিস্তানে পুনৰ এনেধৰণৰ কিবা এটা কৰে, তেন্তে পুনৰ অভিযান আৰম্ভ হ’ব।”
পিছত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে এটা পৰিপূৰক উত্থাপন কৰি কয়, “কেন্দ্ৰই ইতিমধ্যে কোৱা কথাখিনি প্ৰতিৰক্ষা মন্ত্ৰীয়ে ক’লে। কিন্তু পাঁচটা পাকিস্তানী সন্ত্ৰাসবাদীয়ে কেনেকৈ পহেলগামত প্ৰৱেশ কৰিলে সেই কথা দেশবাসীক কোৱা নাই।’’ উল্লেখ্য যে সংসদত সিন্দুৰ অভিযান সন্দৰ্ভত আলোচনাৰ ঠিক পূৰ্বে কংগ্ৰেছ নেতা পি চিদাম্বৰমে দিয়া এটা মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হয়।
এটা সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত চিদাম্বৰমে কয় যে কেন্দ্ৰীয় চৰকাৰে এতিয়াও সন্ত্ৰাসবাদীৰ পৰিচয় জানিব পৰা নাই। আনহাতে, তেওঁলোকে বাৰে বাৰে দাবী কৰি আহিছে যে সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ পৰা আহি আক্ৰমণ সংঘটিত কৰিছিল। তাৰ প্ৰমাণ ক’ত বুলি কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰশ্ন কৰে। লগতে কয় যে সন্ত্ৰাসবাদী ভাৰতীয় নাগৰিকো হ’ব পাৰে।
ইয়াৰ পিছত বিজেপিৰ কেইবাজনো নেতাই চিদাম্বৰমক আক্ৰমণ কৰে। সোমবাৰে চিদাম্বৰমে অৱশ্যে কয় যে বিজেপিয়ে তেওঁৰ বক্তব্য বিকৃত কৰি ৰাজনৈতিক সুবিধা লাভৰ চেষ্টা চলাইছে। সংসদত ৰাজনাথ সিঙেও কয়, “পাকিস্তানে বছৰ বছৰ ধৰি সন্ত্ৰাসবাদীক সমৰ্থন কৰি আহিছে। অপাৰেচন সিন্দুৰৰ লক্ষ্য আছিল সেই সন্ত্ৰাসবাদীক নিৰ্মূল কৰা।”
পিছত গৌৰৱ গগৈয়ে নিজৰ বক্তব্যত বুজাই দিয়ে যে চিদাম্বৰমৰ মন্তব্যক লৈ হোৱা বিতৰ্ক অৰ্থহীন। দল হিচাপে কংগ্ৰেছৰ মতে সন্ত্ৰাসবাদী পাকিস্তানৰ পৰা আহিছিল। সংসদত ৰাজনাথ সিঙে কয় যে ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহ সম্পূৰ্ণৰূপে আত্মৰক্ষাৰ বাবে আছিল। ভাৰতৰ উচটনি দিয়াৰ উদ্দেশ্য নাছিল।
ইয়াৰ পিছতো পাকিস্তানে ১০ মে’ৰ পুৱা ১.৩০ বজাত ভাৰতৰ ওপৰত ড্ৰ’ণ-মিছাইল আক্ৰমণ চলাইছিল। প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে ভাৰতে ইয়াক প্ৰতিহত কৰিছিল। পাকিস্তানৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ভাৰতে এছ-৪০০ এয়াৰ ডিফেন্স ছিষ্টেম ব্যৱহাৰ কৰিছিল।
আনহাতে, ৰাজনাথ সিঙে বিৰোধীক আক্ৰমণ কৰি কয়, “বিৰোধীৰ একাংশ সদস্যই সুধিছিল, দেশৰ কিমানখন যুঁজাৰু বিমান ধ্বংস হৈছে? কিন্তু তেওঁলোকে কেতিয়াও সোধা নাই যে আমাৰ সেনাই শত্ৰুৰ কিমান যুঁজাৰু বিমান ধ্বংস কৰিছে।”
অপাৰেচন সিন্দুৰ সন্দৰ্ভত আলোচনাৰ দিনা সোমবাৰে পুৱা সংসদ উত্তাল হৈ পৰে। বিৰোধীৰ হুলস্থুলৰ বাবে লোকসভাৰ অধিৱেশন দুপৰীয়া ২ বজালৈ স্থগিত ৰখা হয়। সেই অনুসৰি আবেলি ২ বজাৰ পিছত আলোচনা আৰম্ভ হয়।
সংসদত বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম সপ্তাহটো বিৰোধীৰ বিক্ষোভ আৰু প্ৰতিবাদেৰে উত্তাল হৈ পৰে। সোমবাৰেও দেখা গ’ল একেখন ছবি। জম্মু-কাশ্মীৰৰ পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় সেনাৰ অপাৰেচন সিন্দুৰক লৈ দীৰ্ঘদিন ধৰি সংসদত আলোচনাৰ দাবী জনাই আহিছিল বিৰোধীয়ে।
সোমবাৰে লোকসভাত ১৬ ঘণ্টীয়া আলোচনা হ’ব বুলি সিদ্ধান্ত লোৱা হয়। পিছদিনা মঙলবাৰে ৰাজ্যসভাত আলোচনা হ’ব। কিন্তু সোমবাৰৰ পৰা লোকসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ ঠিক পিছতেই বিৰোধী সাংসদসকলে হুলস্থুলৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত কোৱা হয় যে দুপৰীয়া ১২ বজাত ৰাজনাথ সিঙৰ ভাষণেৰে আলোচনা আৰম্ভ হ’ব পাৰে।
কিন্তু বিৰোধীৰ হুলস্থুল দেখি অধ্যক্ষ ওম বিৰলাই প্ৰশ্ন কৰে যে বিৰোধীয়ে সঁচাকৈয়ে আলোচনা বিচাৰেনে? ইয়াৰ পিছতো যেতিয়া হুলস্থুল বন্ধ নহ’ল, তেতিয়া অধিৱেশন স্থগিত ৰখা হয় দুপৰীয়া ১ বজালৈ। ইয়াৰ পিছতো যেতিয়া প্ৰতিবাদ বন্ধ নহ’ল তেতিয়া অধ্যক্ষই অধিৱেশন দুপৰীয়া ২ বজালৈ স্থগিত ৰাখে।













