
ওড়িশাৰ জগৎসিংপুৰ জিলাত ১৫ বছৰীয়া নাবালিকাক দলবদ্ধ (Rape) ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে দুজন যুৱকৰ বিৰুদ্ধে। কেৱল সেয়াই নহয়, নাবালিকাজনী গৰ্ভৱতী হোৱাৰ পিছত অভিযুক্তই তেওঁক জীৱিত অৱস্থাত সমাধিস্থ কৰিবলৈও চেষ্টা কৰে।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱক দুজনক। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে অভিযুক্ত দুয়োজনে সম্পৰ্কত ভাতৃ। অভিযুক্তই নাবালিকাগৰাকীক দীৰ্ঘদিন ধৰি ধৰ্ষণ কৰাৰ অভিযোগ।
আৰক্ষীৰ সূত্ৰ অনুসৰি, নাবালিকাজনী গৰ্ভৱতী হোৱাৰ সময়ত যুৱক দুজনে নিজৰ অপৰাধ ঢাকিবলৈ তেওঁক গৰ্ভপাত কৰাবলৈ সিদ্ধান্ত লয়। লগতে তাৰ বাবে প্ৰয়োজনীয় খৰচ বহন কৰাৰো আশ্বাস দিয়ে।
অভিযোগ অনুসৰি, যুৱক দুজনৰ কথা মতে গৰ্ভপাতৰ বাবে নিৰ্দিষ্ট স্থানত উপস্থিত হোৱাৰ সময়ত ভুক্তভোগী নাবালিকাগৰাকীয়ে কাকো দেখা নাপালে। পিছত তেওঁ লক্ষ্য কৰিলে পথাৰত এটা গাঁত খান্দিছে। ইয়াৰ পিছত অভিযুক্তই তেওঁক সকীয়াই দিয়ে যে যদি তেওঁ গৰ্ভপাত নকৰে তেন্তে তেওঁক জীৱিত অৱস্থাত সমাধিস্থ কৰা হ’ব।
তাৰ পিছত কেনেবাকৈ তেওঁ তাৰ পৰা পলায়ন কৰি ঘৰলৈ গৈ সমগ্ৰ ঘটনাটো বৰ্ণনা কৰে। লগে লগে পৰিয়ালে থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে নাবালিকাগৰাকীৰ শাৰীৰিক পৰীক্ষা কৰা হৈছে। পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে যদিও এই ঘটনাত আৰক্ষীয়ে আৰু এজন ব্যক্তিক বিচাৰি আছে। উল্লেখযোগ্য যে আইন-শৃংখলাৰ পৰিস্থিতি আৰু ধৰ্ষণৰ গোচৰৰ ধাৰাবাহিকতাত ওড়িশাৰ প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
বালাসোৰৰ এখন মহাবিদ্যালয়ত এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন আৰু অগ্নি সংযোগ কৰি আত্মহত্যাক লৈ ইতিমধ্যে ৰাজ্যত অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সেই পৰিৱেশৰ মাজতে ৰাজ্যখনৰ গঞ্জাম, কেওনঝাৰ, ময়ুৰভঞ্জ আৰু জাজপুৰত ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে।
এই সপ্তাহত জগতসিংপুৰত এগৰাকী যুৱতীক ফাৰ্ম হাউচলৈ নিয়াৰ পিছত দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। এসপ্তাহৰ ভিতৰতে ওড়িশাৰ এই জিলাখনত আন এক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হয়।













