
অহা ১৬ জুলাইত জাতীয় কংগ্ৰেছ দলৰ সভাপতি মল্লিকাজুন খৰ্গে আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ প্ৰস্তাৱিত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সাংগঠনিক কাম-কাজৰ বাবে আজি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত আহি উপস্থিত হয় জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন।

আজি কাৰ্বি আংলং জিলা কংগ্ৰেছৰ কাৰ্যালয়ত দলৰ এখনি যুটিয়া কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি পৰৱৰ্তী নিৰ্বাচনত কংগ্ৰেছ দলেই জয়লাভ কৰিব বুলি দাবী কৰে সাংসদ গৰাকীয়ে। ৰাজ্যত বিদ্যুৎ সেৱাৰ দুৰৱস্থা তথা হাজাৰ হাজাৰ বিঘা মাটি পুঁজিপতিৰ হাতত গটাই দিয়া কাৰ্যই ৰাইজক বিক্ষুব্ধ কৰি তোলা বুলি মন্তব্য কৰি সমাগত নিৰ্বাচনৰ পিছতে অত্যাচাৰী শাসনৰ অন্ত পৰিব বুলি মত ব্যক্ত কৰে।
বিগত নিৰ্বাচনত মাত্ৰ কেইটামান আসনৰ ব্যৱধানত কংগ্ৰেছ মিত্ৰজোঁট পৰাস্ত হোৱাৰ বিপৰীতে নিৰ্বাচনৰ পিছতে বিভিন্ন চল চাতুৰীৰে এজন জনজাতীয় লোকক বঞ্চিত কৰি ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱা বুলি অভিযোগ কৰে। আনহাতে, মুখ্যমন্ত্ৰী শেহতীয়াকৈ খীনাবলৈ লোৱা বুলি মন্তব্য কৰি প্ৰথমে এয়া ʼ ইন্টাৰমিটেন্ট ফাষ্টিংʼৰ বাবে হোৱা বুলি ধাৰণা কৰা হৈছিল যদিও গৌৰৱ গগৈৰ আতংকতহে মুখ্যমন্ত্ৰী গৰাকী খীনাবলৈ লোৱা বুলি সাংসদ গৰাকীয়ে কটাক্ষ কৰে। আনহাতে, কংগ্ৰেছৰ চৰকাৰ গঠন হʼলে দল বাগৰিব খোজা বিজেপি নেতাৰ বাবে দুৱাৰ বন্ধ থাকিব বুলিও সাংসদ হুছেইনে কয়।













