
ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই (Shubhanshu Shukla) পৃথিৱীৰ বাহিৰত দুসপ্তাহ কটালে। তেওঁ নাছাৰ এক্সিয়াম-৪ অভিযানত মহাকাশ ভ্ৰমণ কৰিছে। বৰ্তমান তেওঁ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত (আই এছ এছ) পৃথিৱীপৃষ্ঠৰ পৰা ৪০৩ কিলোমিটাৰ উচ্চতাত আছে।

বহি বহি তেওঁ প্ৰতিদিনে ১৬ বাৰ সূৰ্যোদয় চাই আছে। তেওঁ দুসপ্তাহত মুঠ ২৩০ বাৰ সূৰ্যোদয় হোৱা দেখিছে। এই কথা এক্সিয়াম স্পেচে এক বিবৃতিত ঘোষণা কৰিছে।
বৃহস্পতিবাৰে মহাকাশত দুসপ্তাহ সম্পূৰ্ণ কৰে শুভাংশুৱে। তেওঁলোক কেতিয়া পৃথিৱীলৈ ঘূৰি আহিব সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই। নাছাই সেই তাৰিখ ঘোষণা কৰিব। মহাকাশত বহি ভাৰতীয় মহাকাশচাৰীজনে সেই ঘোষণাৰ বাবে অপেক্ষা কৰি আছে। কাৰণ মহাকাশত তেওঁলোকৰ সকলো কাম প্ৰায় সম্পূৰ্ণ।
এই অভিযানত শুভাংশুৰ সৈতে আই এছ এছলৈ গৈছে আন তিনিজন মহাকাশচাৰী ক্ৰু কমাণ্ডাৰ পেগি হুইটছন, মিছন বিশেষজ্ঞ শ্ল’ছ ৱ’জনাৰ’ভস্কি-উইছনিউস্কি আৰু টিবৰ কাপু। নাছাৰ এই অভিযানৰ গ্ৰুপ কেপ্টেইন হৈছে শুভাংশু।
উল্লেখ্য যে মহাকাশ কেন্দ্ৰত দিনটোত ১৬ বাৰ সূৰ্যোদয় হয়। কাৰণ আই এছ এছে প্ৰতি ৯০ মিনিটৰ মূৰে মূৰে পৃথিৱীখনক প্ৰদক্ষিণ কৰে। ই দিনটোত মুঠ ১৬ বাৰ প্ৰদক্ষিণ কৰে। আই এছ এছৰ মহাকাশচাৰীসকলে লণ্ডনৰ গ্ৰীণউইচ মান সময়ৰ তথ্য অনুসৰি সময়ৰ হিচাপ ৰাখে।
এক্সিয়াম স্পেচৰ এক বিবৃতিত কোৱা হৈছে, “পৃথিৱীৰ পৰা ২৫০ মাইল ওপৰত বহি আমাৰ ক্ৰুৱে পৃথিৱীৰ ফটো আৰু ভিডিঅ’ তুলিছে। তেওঁলোকে নিজৰ আপোনজনৰ সৈতেও কথা পাতি আছে। তেওঁলোকে ২৩০ বাৰ পৃথিৱী ঘূৰিছে। তেওঁলোকে প্ৰায় ১০ লাখ কিলোমিটাৰ যাত্ৰা কৰিছে।”
মহাকাশত ৬০টাতকৈও অধিক পৰীক্ষা-নিৰীক্ষা কৰাৰ পৰিকল্পনা এক্সিয়াম-৪ অভিযানৰ। ইয়াৰ ভিতৰত জৈৱ-চিকিৎসা বিজ্ঞান, উন্নত সামগ্ৰী, স্নায়ুবিজ্ঞান, কৃষি আৰু মহাকাশ প্ৰযুক্তি আদি বিষয়।
প্ৰয়োজনীয় প্ৰায়বোৰ পৰীক্ষা সফল হৈছে। এক্সিয়াম কৰ্তৃপক্ষই দাবী কৰিছে যে এইবোৰে অনাগত দিনত মহাকাশ গৱেষণাৰ নতুন দিগন্ত মুকলি কৰিব পাৰে। বিবৃতিটোত কোৱা হৈছে, “প্ৰতিটো টেষ্ট টিউব, ডাটা পইণ্ট আৰু পৰ্যবেক্ষণে আমাক পৃথিৱীৰ নিম্ন কক্ষপথত জীয়াই থকাৰ এখোজ ওচৰলৈ লৈ গৈছে।”
২৫ জুনত শুভাংশুসহ চাৰিজন মহাকাশচাৰীয়ে স্পেচএক্সৰ ‘ড্ৰেগন’ মহাকাশযানেৰে আই এছ এছলৈ যাত্ৰা কৰিছিল। আই এছ এছলৈ যোৱা প্ৰথম ভাৰতীয় হৈছে শুভাংশু। নাছাৰ সূত্ৰ অনুসৰি, ১৪ জুলাইৰ পূৰ্বে পৃথিৱীলৈ ঘূৰি অহাৰ তাৰিখ ঘোষণা কৰাৰ কোনো সম্ভাৱনা নাই।











