
১০০ নম্বৰৰ পৰীক্ষাত কোনোবাই ২৫০ নম্বৰ পোৱাৰ কথা শুনিছেনে? আচৰিত যেন লাগিব পাৰে, কিন্তু বিহাৰত এনে এক ঘটনা পোহৰলৈ আহিছে। সেইটোও আকৌ বিশ্ববিদ্যালয়ৰ পৰীক্ষাত। বিহাৰৰ মুজাফ্ফৰপুৰৰ বাবাচাহেব আম্বেদকাৰ বিশ্ববিদ্যালয়ত (Ambedkar University) সংঘটিত হৈছে এই ঘটনা।

স্থানীয় সূত্ৰৰ মতে, শেহতীয়াকৈ স্নাতকোত্তৰ পৰীক্ষাৰ তৃতীয় ষাণ্মাসিকৰ ফলাফল প্ৰকাশ পাইছে। পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ পিছৰে পৰা এটা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
দেখা গৈছে যে ১০০ নম্বৰৰ লিখিত পৰীক্ষাত এজন ছাত্ৰই ২৫৭ নম্বৰ লাভ কৰিছে। কেৱল সেয়াই নহয়, একেজন ছাত্ৰই ৩০ নম্বৰৰ ব্যৱহাৰিক পৰীক্ষাতো ২২৫ নম্বৰ লাভ কৰে। জানিব পৰা মতে, ছাত্ৰজনে ১০০ নম্বৰৰ ভিতৰত ২৫৭ নম্বৰ লাভ কৰিছিল যদিও উত্তীৰ্ণ হোৱা নাছিল।
আৰু ইয়াৰ পৰাই পৰীক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলেও কিয় এনে ফলাফল পোৱা গ’ল তাৰ তদন্তৰ দাবী উত্থাপন কৰিছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ পৰীক্ষাৰ ফলাফলত সংযোজন নকৰাৰ অভিযোগ উত্থাপন কৰিছে বহু ছাত্ৰ-ছাত্ৰীয়ে।
৯০০০ ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ভিতৰত ৮০০০ উত্তীৰ্ণ হয়। হিন্দী, ইংৰাজী আৰু বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ অভিযোগ যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বাৰে বাৰে একে ভুল কৰি আছে। কিছুমানক অতিৰিক্ত নম্বৰ দিয়া হৈছে, আন কিছুমানে ১-২ নম্বৰৰ বাবে ফেইল কৰি আছে।
মুঠ নম্বৰতকৈ লাভ কৰা নম্বৰ কেনেদৰে বেছি আছিল তাক লৈ ব্যাপক হুলস্থুল চলি থকাৰ সময়তে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক অধ্যাপক ৰাম কুমাৰে কয়, “আমি জানিবলৈ পাইছোঁ যে একাংশ ছাত্ৰ-ছাত্ৰীক মুঠ নম্বৰতকৈ বেছি নম্বৰ দিয়া হৈছে। এইটো কেনেকৈ হ’ল তাৰ তদন্ত কৰা হৈছে। এক্সেল শ্বীটত নম্বৰ ভৰ্তি কৰাৰ সময়ত কিছু ভুল হোৱা বুলি জানিব পৰা গৈছে। তাৰ বাবেই এই ঘটনা ঘটিছে। অৱশ্যে আমি ব্যৱস্থা গ্ৰহণ কৰিম। ভৱিষ্যতে এনেধৰণৰ ঘটনা যাতে নঘটে তাৰ ওপৰত চকু ৰাখিব লাগিব। নম্বৰৰ ভুল সংশোধন কৰি পৰীক্ষাৰ্থীক মাৰ্কশ্বিট দিয়া হ’ব।”













