ASSAM TIMES POST
বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰৰ পৰা অজন্তা তালুকদাৰ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক প্ৰতিফলিত কৰি জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে আজিৰে পৰা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ল উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ। বোকাখাত মহকুমাৰ কমাৰগাঁৱৰ দিহিঙ্গীয়া মহুৰা পথাৰৰ প্ৰায় ১৮০০ বিঘা জোৰা পথাৰৰ বুকুত ২ কোটি ৮০ লাখ টকাৰ বাজেটৰ
এই অনুষ্ঠানৰ প্ৰথম দিনাই সমগ্ৰ অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা লক্ষ লক্ষ ভকত বৈষ্ণৱৰ সমাবেশে অধিবেশন থলীক বৈকুণ্ঠধাম তথা অন্যতম তীৰ্থস্থানলৈ পৰ্যবসিত কৰিলে।