
কেন্দ্ৰীয় চৰকাৰে এয়াৰ ইণ্ডিয়াৰ (Air India) তিনিগৰাকী কাৰ্যবাহী বিষয়াক পদৰ পৰা অপসাৰণ কৰিবলৈ নিৰ্দেশ দিছে। অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰক ডিজিচিএয়ে কাৰ্যবাহী তিনিজনৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। এয়াৰ ইণ্ডিয়াৰ বিমান পৰিচাৰিকাসকলৰ সময়সূচী নিৰ্ধাৰণৰ দায়িত্ব তেওঁলোকৰ আছিল।

অভিযোগ কৰা হৈছে যে বিগত কেইদিনমানৰ পৰা এই কামত অবিৰত অৱহেলা চলি আহিছে। কিছুমানক বাধ্যতামূলক অনুজ্ঞাপত্ৰ অবিহনে বিমানখনত ডিউটি দিয়া হৈছিল। কিছুমানে অবিৰত কৰ্তব্যৰ সময়ত পৰ্যাপ্ত জিৰণি পোৱা নাই। শেহতীয়াকৈ বিমান সংস্থাটোৱে নিজাববীয়াকৈ এই গাফিলতিৰ কথা প্ৰকাশ কৰিছে।
ইয়াৰ তদন্তৰ অন্তত ডিজিচিএয়ে কাৰ্যবাহী তিনিজনক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। এয়াৰ ইণ্ডিয়াৰ বিভাগীয় উপ-সভাপতি চুড়া সিং, অপাৰেচন ক্ৰু শ্বেডুলিঙৰ সঞ্চালকালয়ৰ মুখ্য প্ৰবন্ধক পিংকি মিত্তল আৰু ক্ৰু শ্বেডুলিং প্লেনিঙৰ পায়েল অৰোৰা ডিজিচিএৰ ৰোষত পৰিছে।
ডিজিচিএৰ বিবৃতিত কোৱা হৈছে, “এয়াৰ ইণ্ডিয়াই স্বেচ্ছাই উল্লেখ কৰিছে যে বিমান পৰিচাৰিকাসকলৰ সময়সূচী, অনুসৰণ আৰু আভ্যন্তৰীণ জবাবদিহিতাৰ ক্ষেত্ৰত গাফিলতি হৈছে। এই গাফিলতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাটো চিন্তনীয়।”
অভিযোগ অনুসৰি, বিমান পৰিচাৰিকাসকলৰ সূচী প্ৰস্তুতৰ দায়িত্বত থকা এই তিনিগৰাকী বিষয়াই কামৰ নিয়ম মানি চলা নাছিল। বাৰে বাৰে একে ভুল কৰিছিল।
ডিজিচিএয়ে তিনিওজনৰ বিৰুদ্ধে আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে। ইয়াৰ প্ৰতিবেদন ১০ দিনৰ ভিতৰত ডিজিচিএত দাখিল কৰা হ’ব। বৰ্তমান তেওঁলোকক নিষ্ক্ৰিয় ভূমিকাত ৰখা হ’ব। এই তিনিজন বিষয়াক বিমান পৰিচাৰিকাৰ সূচী সম্পৰ্কীয় কোনো দায়িত্ব দিব নোৱাৰিব।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে আহমেদাবাদৰ পৰা লণ্ডনৰ গেটৱিকলৈ যোৱা এয়াৰ ইণ্ডিয়া বয়িং ড্ৰিমলাইনাৰ এখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই দুৰ্ঘটনাত বিমানখনত থকা ২৪২ জন যাত্ৰীৰ ভিতৰত ২৪১ জনসহ মুঠ ২৭১ জন লোকৰ মৃত্যু হয়। বিমানখন ৰাণৱেৰ পৰা ওলাই অহাৰ কেইছেকেণ্ডমানৰ ভিতৰতে সন্মুখৰ এটা অট্টালিকাত খুন্দা মাৰে।
সেই ঘটনাৰ পিছত এয়াৰ ইণ্ডিয়াৰ বিমান সেৱাৰ সুৰক্ষাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। তাৰ পিছৰে পৰা যোৱা কেইদিনমানৰ ভিতৰত এয়াৰ ইণ্ডিয়াৰ কেইবাখনো বিমান বাতিল কৰা হৈছে। এইবাৰ কোম্পানীটোৰ তিনিগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।










