
চলিত বৰ্ষৰ শেষৰ ফালে বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। ৰাজ্যখনত সম্প্ৰতি বিজেপি-জেডিইউ নেতৃত্বাধীন এনডিএ চৰকাৰ শাসনত আছে। নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) বিহাৰ ভ্ৰমণ কৰি চৰকাৰৰ উন্নয়নৰ ওপৰত আলোকপাত কৰাৰ লগতে পৰিয়ালতন্ত্ৰক লৈ আৰজেডি আৰু কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।

লগতে কয় যে বিহাৰৰ উন্নয়ন বন্ধ নহয়। একে সময়তে তেওঁ আৰজেডি আৰু কংগ্ৰেছৰ শাসন ব্যৱস্থাক ‘জংঘলৰাজ’ বুলিও উপহাস কৰে।
বিহাৰৰ ছিয়নত এখন ৰাজহুৱা সভাত ভাষণ দি মোদীয়ে এনডিএ চৰকাৰৰ উন্নয়নৰ কথা উল্লেখ কৰাৰ সময়তে লালুপ্ৰসাদ যাদৱৰ আৰজেডি আৰু কংগ্ৰেছক আক্ৰমণ কৰে। তেওঁ কয়, “আমি কওঁ ‘সবকা সাথ সবকা বিকাশ’, কিন্তু আৰজেডি আৰু কংগ্ৰেছে ‘পৰিবাৰ কা সাথ, পৰিবাৰ কা বিকাশ’ত বিশ্বাস কৰে। ভাৰতৰ দৰিদ্ৰতাৰ বাবে কংগ্ৰেছৰাজ দায়ী। দলৰ নেতাৰ পৰিয়াল যিমানেই ধনী হয়, সিমানেই জনসাধাৰণ দুখীয়া হৈ পৰে।”
মোদীয়ে দাবী কৰে যে ইয়াৰ আটাইতকৈ ডাঙৰ বলি হৈছে দলিত আৰু পিছপৰা জনগোষ্ঠী। ইয়াৰ দ্বাৰা প্ৰকাৰন্তৰে মোদীয়ে আৰজেডি নেতা তথা লালুৰ পুত্ৰ তেজস্বী যাদৱৰ স্বজন-তোষণৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বুলি বহুতে ক’ব খোজে।
মোদীয়ে লগতে কয়, “আজিৰ যুৱ প্ৰজন্মই বিহাৰত আগতে কি পৰিস্থিতি আছিল সেই কথা শুনিছেহে। এনডিএ চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বিহাৰত বহুখিনি অগ্ৰগতি লাভ কৰিছে।” অৱশ্যে উন্নয়নৰ গতি বন্ধ নহ’ব বুলিও দাবী কৰে মোদীয়ে। তেওঁ কয়, “বিহাৰৰ প্ৰগতি নিশ্চিত কৰিবলৈ আমি উন্নয়নৰ গতি বজাই ৰাখিব লাগিব। মোদীয়ে শান্তিৰে শুব নোৱাৰিব। আপোনালোক সকলোৰে বাবে কাম কৰি যাব। আপোনালোক সকলো মোৰ পৰিয়াল।”
উল্লেখ্য যে বিগত পাঁচ মাহত মোদীয়ে পঞ্চমবাৰৰ বাবে বিহাৰ ভ্ৰমণ কৰিছে। বৃহস্পতিবাৰে তেওঁৰ ৰাজহুৱা সভা অনুষ্ঠিত হোৱা জিলাখন হৈছে ছিয়ন আৰু ইয়াৰ কাষৰীয়া জিলা গোপালগঞ্জ আৰু চাপৰা আৰজেডিৰ দুৰ্গ।
বহুতে দাবী কৰে যে মোদীয়ে তাত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আনহাতে, জনসভাৰ পূৰ্বে মোদীয়ে কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। ৫,৯০০ কোটিৰো অধিক টকা ব্যয়ৰ মুঠ ২৮টা উন্নয়নমূলক প্ৰকল্প তেওঁৰ দ্বাৰা শুভাৰম্ভ কৰা হয়।
বৈশালী-দেওৰিয়া ৰে’ল প্ৰকল্পৰ শুভাৰম্ভ কৰে মোদীয়ে। তেওঁ নতুন ৰে’ল এখনো ফ্লেগ অফ কৰে। ইয়াৰ উপৰি মোদীয়ে পানী যোগান আৰু নিষ্কাশন ব্যৱস্থাৰ উন্নতিৰ বাবে কেইবাটাও প্ৰকল্পও উদ্বোধন কৰে।










