
ৰাজা ৰঘুবংশী (Raja Raghubanshi) হত্যাকাণ্ডৰ ঘটনাই ইটোৰ পিছত সিটো নাটকীয় ৰূপ লৈছে। ইয়াৰ লগতে তদন্তকাৰীয়ে নতুন চৰিত্ৰৰ বিষয়েও সূত্ৰ লাভ কৰিছে। ৰাজাৰ হত্যাকাণ্ডৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক আছে নেকি, সেয়া এতিয়া তদন্তৰ আওতাত আছে।

দুদিন পূৰ্বে সঞ্জয় বাৰ্মা নামৰ এটা নতুন নাম তদন্তকাৰীৰ দৃষ্টিগোচৰ হৈছিল। তদন্তত প্ৰকাশ পাইছে যে সঞ্জয় আন কোনো নহয়, সোণমৰ প্ৰেমিক ৰাজ কুশৱাহা। আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁ আগতে এই ভুৱা নামেৰে সোণমৰ সৈতে যোগাযোগ ৰাখিছিল। এই ৰহস্য সমাধান হোৱাৰ পূৰ্বেই তদন্তকাৰীয়ে আন এটা নতুন চৰিত্ৰৰ সন্ধান পোৱা পাইছে।
সোণমৰ ঘনিষ্ঠ যুৱতীগৰাকীক লৈ ৰহস্য বৃদ্ধি পাইছে। তদন্তকাৰীয়ে জানিবলৈ চেষ্টা চলাইছে যে যুৱতীগৰাকীও ৰাজাৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল নেকি। এই নতুন চৰিত্ৰটোৰ নাম অলকা। স্থানীয় একাংশ সূত্ৰই দাবী কৰিছে যে সোণমৰ সৈতে অলকাৰ বন্ধুত্ব অতি ঘনিষ্ঠ।
ৰাজাৰ হত্যাকাণ্ডৰ তদন্তত এই যুৱতীগৰাকীৰ নাম অহাৰ লগে লগে এই ৰহস্য আৰু অধিক বাঢ়িছে। ইতিমধ্যে ৰাজাৰ পৰিয়ালে অলকাৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰি প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। ৰাজাৰ হত্যাকাণ্ডত অলকাৰো ভূমিকা থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে।
ৰাজাৰ ভাতৃ বিপিন ৰঘুবংশীয়ে সংবাদ মাধ্যমৰ আগত কয়, “অলকা সোণমৰ ঘনিষ্ঠ বন্ধু। এই হত্যাকাণ্ডৰ ষড়যন্ত্ৰত অলকাৰো ভূমিকা আছে বুলি আমি সন্দেহ কৰোঁ। আৰক্ষীয়ে অলকাৰ বিষয়টো গুৰুত্বসহকাৰে চোৱা উচিত।” লগতে ৰাজাৰ পৰিয়ালে সোণমক নাৰ্কো টেষ্ট কৰিবলৈও দাবী জনায়। তেতিয়াহে গোটেই সত্যটো ওলাই আহিব।
বিপিনে লগতে কয়, “অলকাৰ সোণমৰ সৈতে সম্পৰ্কটোও যথেষ্ট সন্দেহজনক আছিল।” সোণমৰ সৈতে অলকাৰ সম্পৰ্কক লৈ বিপিনে কিয় সন্দেহ প্ৰকাশ কৰিছে সেই সন্দৰ্ভতো জল্পনা-কল্পনা আৰম্ভ হৈছে। যদিও তদন্তকাৰীয়ে সোণমৰ সৈতে অলকাৰ সম্পৰ্ক, অলকাই কি ভূমিকা পালন কৰিছিল বা তেওঁৰ আচলতে কিবা ভূমিকা আছিলনে নাই সেই বিষয়ে স্পষ্টকৈ একো কোৱা নাই।
কিন্তু ৰাজাৰ হত্যাকাণ্ডৰ তদন্তত অলকাৰ নাম অহাৰ লগে লগে এই গোচৰৰ ৰহস্য আৰু বাঢ়িছে বুলি বহুতে বিশ্বাস কৰে।
উল্লেখ্য যে ২০ মে’ত ৰাজা আৰু সোণম মেঘালয়ত মধুচন্দ্রিকালৈ আহিছিল। ২৩ মে’ত দুয়োজন সন্ধানহীন হৈছিল। দুয়োজনৰ সন্ধানৰ সময়ত ২ জুনত চেৰাপুঞ্জীৰ ছোহৰাত ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।
ইয়াৰ পিছত পোহৰলৈ আহে যে সোণম জীয়াই আছে। ৰাজাৰ হত্যাৰ আঁৰৰ মূল অভিযুক্ত তেওঁ। যোৱা ৯ জুনত সোণমক গ্ৰেপ্তাৰ কৰা হৈছিল। এই ঘটনাত সোণমৰ প্ৰেমিক ৰাজ আৰু তিনিজন ভাড়াতীয়া হত্যাকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে।











