
প্ৰচণ্ড জোকাৰণি এটা অনুভৱ হ’ল। ইয়াৰ পিছত তেওঁৰ আসনখন খোল খালে আৰু তেওঁ ওলাই আহিল। সেইবাবেই তেওঁ বাচিল। আহমেদাবাদৰ বিমান দুৰ্ঘটনাত বিশ্বকুমাৰ ৰমেশ (Biswakumar Ramesh) একমাত্ৰ জীৱিত যাত্ৰী বুলি অনুমান কৰা হৈছে।

শুকুৰবাৰে পুৱা চিকিৎসালয়ৰ বিছনাত পৰি থকা অৱস্থাত তেওঁ এই কথা কয়। তেওঁ কোন ফালৰ পৰা ওলাই আহিল, কেনেকৈ বিমানখন ভাঙি গ’ল সেই কথাও কয়।
ভাৰতীয় মূলৰ ৪০ বছৰীয়া ব্ৰিটিছ নাগৰিক ৰমেশে ২০০৩ চনৰ পৰা ব্ৰিটেইনত বাস কৰি আহিছে। তেওঁৰ পত্নী আৰু সন্তানো আছে। আত্মীয়ক লগ কৰিবলৈ ভাৰতলৈ আহিছিল ৰমেশ। বৃহস্পতিবাৰে তেওঁৰ সৈতে লণ্ডনলৈ উভতি আহিছিল তেওঁৰ ভাতৃও। কিন্তু তেওঁক বিচাৰি পোৱা নগ’ল। ৰমেশে কয় যে তেওঁৰ ভাতৃয়ে বিমানখনৰ সিটো ফালে আসন পালে। এতিয়াও তেওঁক বিচাৰি পোৱা নাই।
বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা ৰমেশে কয়, “বিমানখন উৰণৰ মাত্ৰ ৩০ ছেকেণ্ডৰ পিছতে মই এটা ডাঙৰ শব্দ শুনিলোঁ। তাৰ পিছত বিমানখন ভাঙি যায়। সকলো অতি দ্ৰুতগতিত হৈ গ’ল।”
তেওঁ লগতে কয়, “যেতিয়া মই থিয় হৈছিলো তেতিয়া মোৰ চাৰিওফালে কেৱল মৃতদেহ আৰু মৃতদেহ আছিল। মই বৰ ভয় খাইছিলো। মই উঠি লগে লগে দৌৰিবলৈ ধৰিলোঁ। মোৰ চাৰিওফালে বিমানখনৰ বহু টুকুৰা দেখিলোঁ। তাৰ পিছত কোনোবাই মোক টানি এম্বুলেন্সত ভৰাই দিলে। মই হাস্পতাললৈ গ’লোঁ।” শুকুৰবাৰে পুৱা ৰমেশে আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকক জনায় যে তেওঁৰ আসনখন খোল খাইছে।
সেইবাবেই চাগে তেওঁ জীয়াই থাকিবলৈ সক্ষম হৈছিল। কথাটো বুজাই দি ৰমেশে কয়, “গোটেই বিমানখন ভাঙি গ’ল। হঠাতে মোৰ আসনখন তীব্ৰ জোকাৰণিৰ সৈতে নামি আহিল। সেইবাবেই হয়তো মই বাচিলোঁ।”
সংবাদ মাধ্যমৰ আগত ৰমেশে কয়, “মই যিফালে পৰিলোঁ, সেইফালে হোষ্টেলৰ প্ৰথম মহলাত কিছু খালী ঠাই আছিল। তাৰ মাজেৰে ওলাই আহিবলৈ চেষ্টা কৰিছিলো। কিন্তু আনফালে হোষ্টেলৰ বেৰ আছিল। হয়তো সেইফালৰ পৰা কোনেও ওলাই আহিব নোৱাৰিলে। মোৰ বাওঁহাতখন অলপ জ্বলি গৈছে।”
এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমানখনৰ ইকনমি ক্লাছৰ চিট ১১এত বহি আছিল ৰমেশ। তেওঁৰ আসনখন জৰুৰীকালীন প্ৰস্থানৰ ওচৰতে আছিল।
কিন্তু ৰমেশে কেনেকৈ বিমানৰ পৰা নামি আহিল সেয়া ক’ব নোৱাৰিলে। জানিব পৰা মতে, আহমেদাবাদৰ এই দুৰ্ঘটনাত এতিয়ালৈকে ২৬৫ জন লোকৰ মৃত্যু হৈছে। বিমানখন খুন্দা মৰা ঠাইখন চিকিৎসকৰ হোষ্টেল।
মেডিকেলৰ ছাত্ৰসকলে সেই সময়ত খাদ্য গ্ৰহণ কৰি আছিল। হঠাৎ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ অট্টালিকাটোত প্ৰৱেশ কৰে। এটা আৱাসিক এলেকাত সংঘটিত হোৱা দুৰ্ঘটনাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। বিমানখনৰ বহু মৃতদেহ ছিন্ন-ভিন্ন হৈ গৈছে।
চিনাক্তকৰণৰ বাবে ডি এন এৰ নমুনা পৰীক্ষা কৰা হৈছে। এয়াৰ ইণ্ডিয়াই জনোৱা মতে, বিমানখনত ১৬৯ জন ভাৰতীয়, ৫২ জন ব্ৰিটিছ, ৭ জন পৰ্তুগীজ আৰু এজন কানাডিয়ান আছিল। গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী এই বিমানেৰে লণ্ডনলৈ গৈছিল। তেওঁৰো মৃত্যু হয়।












