আত্মীয় এজনৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল একেটা পৰিয়ালৰ ছয়জন সদস্য (Family Accident)। সোমবাৰে পুৱা মুম্বাই-গোৱা ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাত তেওঁলোকৰ গাড়ীখন নদীত বাগৰি পৰে।

উক্ত ঘটনাত পাঁচজন লোকে প্ৰাণ হেৰুৱায়। চালক আৰু এজন যাত্ৰীক আহত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে জনোৱা মতে, মৃতকৰ ঘৰ মুম্বাইৰ মীৰা ৰোডত। দেওবাৰে নিশা ১১.৩০ মান বজাত ঘৰৰ পৰা তেওঁলোক ওলাই গৈছিল।
ৰত্নগিৰিৰ দেৱৰুখলৈ ৰাওনা হৈছিল তেওঁলোক। সোমবাৰে পুৱা প্ৰায় ৫ বজাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা দলঙৰ ৰেলিং ভাঙি প্ৰায় ডেৰশ ফুট তলত নদীত বাগৰি পৰে গাড়ীখন। অভিযোগ অনুসৰি, গাড়ীখনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত এই ঘটনাটো সংঘটিত হয়।
গাড়ীখন নদীত পৰি যোৱাৰ শব্দ শুনি স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হয়। থানাত খবৰ দিয়াৰ লগে লগে আৰক্ষী উপস্থিত হৈ ক্ৰেন ব্যৱহাৰ কৰি গাড়ীখন নদীৰ পৰা উঠাই আনে। ইয়াৰ পিছতে গাড়ীখনৰ যাত্ৰীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
চিকিৎসকে তাত পাঁচজন লোকক মৃত ঘোষণা কৰে। ৰত্নাগিৰিৰ আৰক্ষী অধীক্ষক ধনঞ্জয় কুলকাৰ্ণীয়ে জনোৱা মতে, এফআইআৰ দাখিল কৰা হৈছে। অৱশ্যে এই পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চালকজন টোপনি গৈছিল নেকি সেই বিষয়ে তদন্ত অব্যাহত আছে।