উত্তৰাখণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা (Uttarakhand Choper Crash) । ভ্ৰমণ কৰি থকাৰ সময়তে সংঘটিত এই দুৰ্ঘটনাত পাঁচজন পৰ্যটকে প্ৰাণ হেৰুৱায়। উদ্ধাৰ অভিযান ইতিমধ্যে আৰম্ভ হৈছে। পাহাৰৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহকেইটা। বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বজাত উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত দুৰ্ঘটনাটো সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, হেলিকপ্টাৰখনত সাতজন যাত্ৰী আছিল। তেওঁলোক ডেৰাডুনৰ পৰা যাত্ৰা কৰিছিল। হাৰ্চিল হেলিপেডত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু হেলিকপ্টাৰখন ভাগীৰথী নদীৰ ওচৰৰ এটা পাহাৰীয়া খাদত দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰচণ্ড শব্দ শুনি স্থানীয় লোকসকল ঘটনাস্থলীলৈ দৌৰি যায়। আৰক্ষীক খবৰ দিয়া হয়।
আৰক্ষী, দুৰ্যোগ সঁহাৰি বাহিনী, অগ্নিনিৰ্বাপক বাহিনী, এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰ অভিযান চলি আছে। এতিয়ালৈকে পাঁচজন পৰ্যটকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। বাকী দুজন গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাটো কেনেকৈ ঘটিল, হেলিকপ্টাৰত যান্ত্ৰিক ত্ৰুটি আছিল নেকি তাৰ তদন্ত কৰা হৈছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে উত্তৰকাশীত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা পৰ্যটকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। শোক প্ৰকাশ কৰি তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰ তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে। প্ৰশাসনক আহতসকলক সঠিক চিকিৎসা প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।