ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

বিদ্রোহী সংগঠনৰ শান্তি চুক্তিৰ ধন বিনিয়োগ: তুলিৰামৰ বাসগৃহ নির্মাণৰ অভিযোগ খণ্ডন

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
May 3, 2025
Reading Time: 1 min read
A A
0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ দুদিনীয়া অৱস্থান ধৰ্মঘট

ডিফু ক্লাৱত জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে বিজেপিৰ ৰক্তদান শিৱিৰ অনুষ্ঠিত

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

শণিবাৰে বিয়লি ডিফুত শান্তি চুক্তি স্বাক্ষৰকাৰী ৬ বিদ্ৰোহী সংগঠনৰ ঐক্য মঞ্চই এক সংবাদমেলৰ আয়োজন কৰে ৷ ২০২১ চনৰ ৪ ছেপ্টেম্বৰত নতুন দিল্লীত শান্তি চুক্তি স্বাক্ষৰ কৰা ৬ বিদ্রোহী সংগঠনে শান্তি চুক্তিৰ জৰিয়তে অনা ৫০০ কোটি টকা বিনিয়োগ হোৱা বুলি বিৰোধী ৰাজনৈতিক দল এপিএইচএলচি দলে অভিযোগ আজি খণ্ডন কৰে ৬টা বিদ্রোহী সংগঠনৰ ঐক্যমঞ্চই।

বিদ্রোহী সংগঠনৰ শান্তি চুক্তিৰ ধন বিনিয়োগ: তুলিৰামৰ বাসগৃহ নির্মাণৰ অভিযোগ খণ্ডন
বিদ্রোহী সংগঠনৰ শান্তি চুক্তিৰ ধন বিনিয়োগ: তুলিৰামৰ বাসগৃহ নির্মাণৰ অভিযোগ খণ্ডন

সম্প্ৰতি অসমৰ ৰাজনীতি তোলপাৰ কৰি ৰখা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নির্মীয়মান অট্টালিকাই দৈনিক সংবাদ শিৰোনাম দখল কৰি আছে। তুলিৰাম ৰংহাঙৰ এই প্রসাদোপম অট্টালিকা নির্মাণত ২০২১ চনৰ ৪ ছেপ্টেম্বৰত নতুন দিল্লীত শান্তি চুক্তি স্বাক্ষৰ কৰা ৬ বিদ্রোহী সংগঠনে শান্তি চুক্তিৰ জৰিয়তে অনা ৫০০ কোটি টকা বিনিয়োগ হোৱা বুলি বিৰোধী ৰাজনৈতিক দল এপিএইচএলচি দলে অভিযোগ আজি খণ্ডন কৰে ৬টা বিদ্রোহী সংগঠনৰ ঐক্যমঞ্চই। ডিফুত এখন সংবাদমেল সম্বোধন কৰি বিদ্রোহী সংগঠন কেএলএনএলএফৰ প্ৰাক্তন শীর্ষ নেতা ৰেজাক ডেৰাই সংবাদমাধ্যমত প্রকাশ পোৱা এই তথ্য সম্পূর্ণ ভিত্তিহীন আখ্যা দিয়ে।

তুলিৰামৰ পুত্ৰই সজা ঘৰৰ লগত বিদ্রোহী সংগঠনৰ শান্তি চুক্তিৰ ধনৰ কোনো লেনদেন নাই। এয়া দলটোৰ ভুৱা অপপ্রচাৰ আখ্যা দিয়ে। শান্তি চুক্তিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ ৫০০ কোটি আৰু ৰাজ্য চৰকাৰৰ ৫০০ কোটি টকা পাৰ্বত্য জিলা দুখনৰ উন্নয়নৰ বাবে ধার্য কৰা হৈছে যদিও এতিয়ালৈকে চুক্তিৰ আধাৰত ইতিমধ্যে দুখনহে আঁচনি ৰূপায়ণ হৈ আছে। ডিফুৰ মুখ্য ডাকঘৰৰ পৰা অসম বিশ্ববিদ্যালয় ডিফু চৌহদলৈকে চাৰিলেনযুক্ত পথ নিৰ্মাণ আৰু হামৰেণৰ আন্তঃহামৰেণ পথ নির্মাণ চলি আছে এই আঁচনিৰ জৰিয়তে। কেন্দ্রীয় চৰকাৰৰ ৫০০ কোটিৰ অন্তর্ভুক্ত এই দুই আঁচনি।

ৰাজ্য চৰকাৰে এতিয়ালৈকে নিজৰ ৫০০ কোটি টকাৰ এটকাও মুকলি কৰি দিয়া নাই বুলি ডেৰাই উল্লেখ কৰে। ১০৬ কোটি টকা ব্যয় সাপেক্ষে ডিফুৰ পৰা বিশ্ববিদ্যালয় চৌহদলৈ পথ নির্মাণৰ কাম ৫৫ শতাংশ সম্পূর্ণ হৈছে। ইয়াৰ বাবে ঠিকাদাৰী প্রতিষ্ঠানক ৪৮ কোটি টকা পৰিষদে প্রদান কৰিছে। হামৰেণৰ পথ যোগাযোগৰ বাবে ৬৬ কোটি টকা ধার্য কৰা বুলি উল্লেখ কৰি ৭১ শতাংশ কামৰ অগ্রগতি হোৱা বুলি প্রকাশ কৰি ৩১ কোটি টকা পৰিষদে পুঁজি মুকলি কৰি দিয়া বুলি ডেৰাই জানিবলৈ দিয়ে। এতিয়ালৈকে দুয়োখন আঁচনিৰ বাবে ৭১ কোটি টকা মুকলি কৰি দিয়া হৈছে বুলি ডেৰাই জানিবলৈ দি কয় যে শান্তি চুক্তিব ধন এতিয়ালৈকে ইমানেই আবণ্টিত হৈছে।

সেয়েহে এই অভিযোগ ভিত্তিহীন। বিদ্রোহী সংগঠন কেইটাই ৰাজনৈতিক মুনাফাৰ বাবে কার্বি শান্তি চুক্তিক সাঙুৰি নল’বলৈ এপিএইচএলচি দলক সকিয়াই দিয়ে। কার্বিশান্তি চুক্তিৰ জৰিয়তে কিমান পুঁজি আহিছে আৰু উন্নয়নমূলক আঁচনি সন্দর্ভত কিবা জানিব লগা থাকিলে সংগঠন কেইটাৰ কাষ চাপিবলৈ আহ্বান জনায়। দলটোক কার্বি শান্তি চুক্তিৰ পৰিপন্থী আখ্যা দি দলটোৱে সান্তি চুক্তিৰ বহু কেইখন আঁচনিৰ বিৰোধিতা কৰা বুলিও ডেৰাই সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে। কার্বিশান্তি চুক্তিৰ অগ্রগতি সন্দৰ্ভত সন্তুষ্ট নে বুলি কৰা প্ৰশ্নৰ উত্তৰত ডেৰাই সন্তুষ্ট বুলি প্রকাশ কৰি ইতিমধ্যে ডনাৰ মন্ত্রণালয়ে বহু কেইখন আঁচনিৰ ডিপিআৰ মঞ্জুৰ কৰা বুলিও সদৰি কৰে।

আনহাতে, বিদ্রোহী সংগঠন কেইটাই ৰাজনৈতিক সংস্থাপনৰ বাবে মুখ্যমন্ত্রীক জনাই অহা দাবী সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত ডেৰাই কয় যে ইতিমধ্যে ডিফু ভ্রমণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক প্রতিশ্রুতি প্রদান কৰি গৈছে যে কাৰ্বি আংলঙৰ হাওৰাঘাট বিধানসভা আৰু পৰিষদীয় সমষ্টিৰ পৰা বিদ্রোহী সংগঠনৰ সদস্যক ৰাজনৈতিক সংস্থাপন প্রদান কৰিব।

 

 

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ১০৬ কোটি টকা২০২১ চন৩১ কোটি টকা৪৮ কোটি টকা৫০০ কোটি টকা৫৫ শতাংশ সম্পূর্ণ৬৬ কোটি টকা৭১ কোটি টকা৭১ শতাংশ কামৰ অগ্রগতিঅট্টালিকাঅভিযোগ ভিত্তিহীনঅসম বিশ্ববিদ্যালয়আঁচনিউন্নয়নউন্নয়নমূলক আঁচনিএপিএইচএলচিঐক্য মঞ্চকাৰ্বি আংলংকেন্দ্ৰীয় চৰকাৰঠিকাদাৰী প্রতিষ্ঠানডনাৰ মন্ত্রণালয়ডিপিআৰ মঞ্জুৰডিফুডিফুৰ মুখ্য ডাকঘৰতুলিৰাম ৰংহাঙনতুন দিল্লীপথ নিৰ্মাণপৰিষদীয় সমষ্টিবিদ্ৰোহী সংগঠনবিনিয়োগবিৰোধী ৰাজনৈতিক দলভিত্তিহীনভুৱা অপপ্রচাৰমুখ্যমন্ত্রীৰাজনৈতিক মুনাফাৰাজনৈতিক সংস্থাপনৰাজ্য চৰকাৰৰেজাক ডেৰাইশণিবাৰে বিয়লিশান্তি চুক্তিশান্তি চুক্তিৰ ফলাসংবাদ শিৰোনামসংবাদমেলস্বাক্ষৰকাৰীস্বায়ত্ত শাসিত পৰিষদহাওৰাঘাট বিধানসভাহামৰেণ
Share7Tweet5Send

Related Posts

গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ দুদিনীয়া অৱস্থান ধৰ্মঘট
KARBI ANGLONG

গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ দুদিনীয়া অৱস্থান ধৰ্মঘট

by Staff Reporter
November 18, 2025
51
ডিফু ক্লাৱত জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে বিজেপিৰ ৰক্তদান শিৱিৰ অনুষ্ঠিত
KARBI ANGLONG

ডিফু ক্লাৱত জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে বিজেপিৰ ৰক্তদান শিৱিৰ অনুষ্ঠিত

by Staff Reporter
November 18, 2025
54
Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন
KARBI ANGLONG

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

by ASSAM TIMES POST
November 17, 2025
56
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ
KARBI ANGLONG

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

by ASSAM TIMES POST
November 17, 2025
54
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা
KARBI ANGLONG

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

by Staff Reporter
November 15, 2025
55
খটখটী গৌতম বস্তিত সন্দেহযুক্ত হেৰইনৰ সৈতে দুজন পুৰুষ আৰু দুজন মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

খটখটী গৌতম বস্তিত সন্দেহযুক্ত হেৰইনৰ সৈতে দুজন পুৰুষ আৰু দুজন মহিলা সৰবৰাহকাৰী আটক

by Staff Reporter
November 12, 2025
66
ADVERTISEMENT
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13846) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10908) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d