ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

বিদ্রোহী সংগঠনৰ শান্তি চুক্তিৰ ধন বিনিয়োগ: তুলিৰামৰ বাসগৃহ নির্মাণৰ অভিযোগ খণ্ডন

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
May 3, 2025
Reading Time: 1 min read
A A
0

RELATED POSTS

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

New Logo Smal 1 | ASSAM TIMES POST

শণিবাৰে বিয়লি ডিফুত শান্তি চুক্তি স্বাক্ষৰকাৰী ৬ বিদ্ৰোহী সংগঠনৰ ঐক্য মঞ্চই এক সংবাদমেলৰ আয়োজন কৰে ৷ ২০২১ চনৰ ৪ ছেপ্টেম্বৰত নতুন দিল্লীত শান্তি চুক্তি স্বাক্ষৰ কৰা ৬ বিদ্রোহী সংগঠনে শান্তি চুক্তিৰ জৰিয়তে অনা ৫০০ কোটি টকা বিনিয়োগ হোৱা বুলি বিৰোধী ৰাজনৈতিক দল এপিএইচএলচি দলে অভিযোগ আজি খণ্ডন কৰে ৬টা বিদ্রোহী সংগঠনৰ ঐক্যমঞ্চই।

বিদ্রোহী সংগঠনৰ শান্তি চুক্তিৰ ধন বিনিয়োগ: তুলিৰামৰ বাসগৃহ নির্মাণৰ অভিযোগ খণ্ডন
বিদ্রোহী সংগঠনৰ শান্তি চুক্তিৰ ধন বিনিয়োগ: তুলিৰামৰ বাসগৃহ নির্মাণৰ অভিযোগ খণ্ডন

সম্প্ৰতি অসমৰ ৰাজনীতি তোলপাৰ কৰি ৰখা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নির্মীয়মান অট্টালিকাই দৈনিক সংবাদ শিৰোনাম দখল কৰি আছে। তুলিৰাম ৰংহাঙৰ এই প্রসাদোপম অট্টালিকা নির্মাণত ২০২১ চনৰ ৪ ছেপ্টেম্বৰত নতুন দিল্লীত শান্তি চুক্তি স্বাক্ষৰ কৰা ৬ বিদ্রোহী সংগঠনে শান্তি চুক্তিৰ জৰিয়তে অনা ৫০০ কোটি টকা বিনিয়োগ হোৱা বুলি বিৰোধী ৰাজনৈতিক দল এপিএইচএলচি দলে অভিযোগ আজি খণ্ডন কৰে ৬টা বিদ্রোহী সংগঠনৰ ঐক্যমঞ্চই। ডিফুত এখন সংবাদমেল সম্বোধন কৰি বিদ্রোহী সংগঠন কেএলএনএলএফৰ প্ৰাক্তন শীর্ষ নেতা ৰেজাক ডেৰাই সংবাদমাধ্যমত প্রকাশ পোৱা এই তথ্য সম্পূর্ণ ভিত্তিহীন আখ্যা দিয়ে।

তুলিৰামৰ পুত্ৰই সজা ঘৰৰ লগত বিদ্রোহী সংগঠনৰ শান্তি চুক্তিৰ ধনৰ কোনো লেনদেন নাই। এয়া দলটোৰ ভুৱা অপপ্রচাৰ আখ্যা দিয়ে। শান্তি চুক্তিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ ৫০০ কোটি আৰু ৰাজ্য চৰকাৰৰ ৫০০ কোটি টকা পাৰ্বত্য জিলা দুখনৰ উন্নয়নৰ বাবে ধার্য কৰা হৈছে যদিও এতিয়ালৈকে চুক্তিৰ আধাৰত ইতিমধ্যে দুখনহে আঁচনি ৰূপায়ণ হৈ আছে। ডিফুৰ মুখ্য ডাকঘৰৰ পৰা অসম বিশ্ববিদ্যালয় ডিফু চৌহদলৈকে চাৰিলেনযুক্ত পথ নিৰ্মাণ আৰু হামৰেণৰ আন্তঃহামৰেণ পথ নির্মাণ চলি আছে এই আঁচনিৰ জৰিয়তে। কেন্দ্রীয় চৰকাৰৰ ৫০০ কোটিৰ অন্তর্ভুক্ত এই দুই আঁচনি।

ৰাজ্য চৰকাৰে এতিয়ালৈকে নিজৰ ৫০০ কোটি টকাৰ এটকাও মুকলি কৰি দিয়া নাই বুলি ডেৰাই উল্লেখ কৰে। ১০৬ কোটি টকা ব্যয় সাপেক্ষে ডিফুৰ পৰা বিশ্ববিদ্যালয় চৌহদলৈ পথ নির্মাণৰ কাম ৫৫ শতাংশ সম্পূর্ণ হৈছে। ইয়াৰ বাবে ঠিকাদাৰী প্রতিষ্ঠানক ৪৮ কোটি টকা পৰিষদে প্রদান কৰিছে। হামৰেণৰ পথ যোগাযোগৰ বাবে ৬৬ কোটি টকা ধার্য কৰা বুলি উল্লেখ কৰি ৭১ শতাংশ কামৰ অগ্রগতি হোৱা বুলি প্রকাশ কৰি ৩১ কোটি টকা পৰিষদে পুঁজি মুকলি কৰি দিয়া বুলি ডেৰাই জানিবলৈ দিয়ে। এতিয়ালৈকে দুয়োখন আঁচনিৰ বাবে ৭১ কোটি টকা মুকলি কৰি দিয়া হৈছে বুলি ডেৰাই জানিবলৈ দি কয় যে শান্তি চুক্তিব ধন এতিয়ালৈকে ইমানেই আবণ্টিত হৈছে।

সেয়েহে এই অভিযোগ ভিত্তিহীন। বিদ্রোহী সংগঠন কেইটাই ৰাজনৈতিক মুনাফাৰ বাবে কার্বি শান্তি চুক্তিক সাঙুৰি নল’বলৈ এপিএইচএলচি দলক সকিয়াই দিয়ে। কার্বিশান্তি চুক্তিৰ জৰিয়তে কিমান পুঁজি আহিছে আৰু উন্নয়নমূলক আঁচনি সন্দর্ভত কিবা জানিব লগা থাকিলে সংগঠন কেইটাৰ কাষ চাপিবলৈ আহ্বান জনায়। দলটোক কার্বি শান্তি চুক্তিৰ পৰিপন্থী আখ্যা দি দলটোৱে সান্তি চুক্তিৰ বহু কেইখন আঁচনিৰ বিৰোধিতা কৰা বুলিও ডেৰাই সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে। কার্বিশান্তি চুক্তিৰ অগ্রগতি সন্দৰ্ভত সন্তুষ্ট নে বুলি কৰা প্ৰশ্নৰ উত্তৰত ডেৰাই সন্তুষ্ট বুলি প্রকাশ কৰি ইতিমধ্যে ডনাৰ মন্ত্রণালয়ে বহু কেইখন আঁচনিৰ ডিপিআৰ মঞ্জুৰ কৰা বুলিও সদৰি কৰে।

আনহাতে, বিদ্রোহী সংগঠন কেইটাই ৰাজনৈতিক সংস্থাপনৰ বাবে মুখ্যমন্ত্রীক জনাই অহা দাবী সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত ডেৰাই কয় যে ইতিমধ্যে ডিফু ভ্রমণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক প্রতিশ্রুতি প্রদান কৰি গৈছে যে কাৰ্বি আংলঙৰ হাওৰাঘাট বিধানসভা আৰু পৰিষদীয় সমষ্টিৰ পৰা বিদ্রোহী সংগঠনৰ সদস্যক ৰাজনৈতিক সংস্থাপন প্রদান কৰিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অট্টালিকাঅভিযোগ ভিত্তিহীনঅসম বিশ্ববিদ্যালয়আঁচনিউন্নয়নমূলক আঁচনিউন্নয়নএপিএইচএলচিঐক্য মঞ্চকাৰ্বি আংলংকেন্দ্ৰীয় চৰকাৰঠিকাদাৰী প্রতিষ্ঠানডনাৰ মন্ত্রণালয়ডিপিআৰ মঞ্জুৰডিফুডিফুৰ মুখ্য ডাকঘৰতুলিৰাম ৰংহাঙনতুন দিল্লীপথ নিৰ্মাণপৰিষদীয় সমষ্টিবিদ্ৰোহী সংগঠনবিনিয়োগবিৰোধী ৰাজনৈতিক দলভিত্তিহীনভুৱা অপপ্রচাৰমুখ্যমন্ত্রীশণিবাৰে বিয়লিশান্তি চুক্তিশান্তি চুক্তিৰ ফলাসংবাদ শিৰোনামসংবাদমেলস্বাক্ষৰকাৰীস্বায়ত্ত শাসিত পৰিষদহাওৰাঘাট বিধানসভাহামৰেণ১০৬ কোটি টকা২০২১ চন৩১ কোটি টকা৪৮ কোটি টকা৫০০ কোটি টকা৫৫ শতাংশ সম্পূর্ণ৬৬ কোটি টকা৭১ কোটি টকা৭১ শতাংশ কামৰ অগ্রগতিৰাজনৈতিক মুনাফাৰাজনৈতিক সংস্থাপনৰাজ্য চৰকাৰৰেজাক ডেৰাই
Share7Tweet5Send

Related Posts

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
62
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
58
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
50
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d