শুকুৰবাৰে পুৱা ১১ বজাত বোকাজান মহকুমাৰ গৌতম বস্তিৰ চিআৰপিএফ কেম্পৰ কাষত শংকৰ কুমাৰ নামৰ ব্যক্তি এগৰাকীৰ ঘৰত ব’ৰিং কৰোতে কালি বিয়লি ৫ বজাৰ পৰা অহৰহ পানী নির্গমন হোৱা ঘটনাস্থলী পৰিদৰ্শন কৰে জিলা আয়ুক্ত নিৰলা ফাংচপীয়ে ৷ উক্ত জল বিষ্ফোৰণৰ কাণ্ড স্থানীয়লোকে প্ৰাকৃতিক গেছ বুলি আশংকা কৰি সমগ্র অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে।

বোকাজান মহকুমাধিপতি আৰু কাৰ্বি আংলং জিলাৰ আযুক্ত এই সন্দৰ্ভত অৱগত হৈ শিৱসাগৰৰ পৰা অএনজিচিৰ কাৰিকৰী বিষয়াক সমগ্র বিষয়টো অনুসন্ধান কৰাৰ বাবে আজি ঘটনাস্থলীলৈ মাতি আনে। কার্বি আংলং জিলা আযুক্ত নিৰলা ফাংচ’পী, জিলা আৰক্ষী অধীক্ষক সঞ্জীব কুমাৰ শইকীয়া, বোকাজান মহকুমাধিপতি আজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। জিলা আযুক্তই সংবাদমাধ্যমক জানিবলৈ দিয়া মতে অএনজিচিৰ কাৰিকৰী বিশেষজ্ঞসকলে এই ঘটনা কোনো প্রাকৃতিক গেছৰ কাৰণে হোৱা নাই বুলি জানিবলৈ দিয়ে।
তথাপিও জিলা প্রশাসন আৰু বোকাজান মহকুমা প্রশাসনে বিষয়টো গুৰুত্বসহকাৰে লৈ এলেকাটোৰ ২০০ মিটাৰলৈ কোনো ধৰণৰ কাম-কাজৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি বিষয়টো অধিক তদন্তৰ বাবে অসম চৰকাৰলৈ প্রতিবেদন প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে।