ASSAM TIMES POST
নিউজ ডেক্স
নিউজীলেণ্ডক পঞ্চমখন টি-২০ত পৰাস্ত কৰি হুৱাইটৱাছ দিলে ভাৰতে৷ দেওবাৰে প্ৰথমে বেটিং কৰি ভাৰতে ঘৰুৱা দল নিউজীলেণ্ডক ১৬৪ ৰানৰ লক্ষ্য দিছিল৷ কিন্তু শেষ পৰ্যন্ত সন্মান ৰক্ষাৰ যুঁজত ব্যৰ্থ হয় নিউজীলেণ্ড৷ ঘৰুৱা দলটোৰে ৭ ৰানত পৰাস্ত হোৱাৰ লগতে শৃংখলাটোত এখনো মেচত জয়ৰ সোৱাদ নাপালে৷
ভাৰতৰ অধিনায়ক বিৰাট কোহলিয়ে দেওবাৰৰ খেলখনত বিশ্ৰাম লোৱাত দলৰ দায়িত্ব আহি পৰে ৰোহিত শৰ্মাৰ ওপৰত৷ কিন্তু ৰোহিত শৰ্মাই ফিল্ডিং কৰিব কৰিব নোৱাৰাত দলৰ দায়িত্ব পৰেগৈ লোকেশ ৰাহুলৰ ওপৰত৷ এই লোকেশ ৰাহুলে ভাৰতক দুৰ্দান্ত জয় আনি দিয়ে৷ ভাৰতে নিৰ্দ্ধাৰিত ২০ অভাৰত তিনিটা উইকেটত ১৬৩ ৰান সংগ্ৰহ কৰে৷ দলৰ হৈ কে এল ৰাহুলে সৰ্বাধিক ৪৫ ৰান কৰে৷
আনহাতে নিৰ্দ্ধাৰিত ২০ অভাৰত নিউজীলেণ্ডে ৯ টা উইকেটৰ বিনিময়ত ১৫৬ ৰান কৰি পৰাজয় স্বীকাৰ কৰে৷ ফলত ভাৰত ৭ ৰানত জয়ী হোৱাৰ লগতে নিউজীলেণ্ডক ৫-০ ত শৃংখলাটো হস্তগত কৰে৷ ভাৰতৰ জয়ৰ নায়ক যশপ্ৰীত বোমৰাহে ৪ অভাৰত ১২ ৰানৰ বিনিময়ত তিনিটা উইকেট লাভ কৰে৷










