মঙলবাৰে ঘোষণা কৰা হয় কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধীনস্থ ২০২৪ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ (UPSC 2024) ফলাফল। এইবাৰ ইউ পি এছ চিত শীৰ্ষস্থান দখল কৰে শক্তি ডুবেয়ে। শক্তি ডুবে হৈছে এলাহাবাদ বিশ্ববিদ্যালয়ৰ জৈৱ ৰসায়ন বিজ্ঞানৰ স্নাতক। তেওঁ ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক ঐচ্ছিক বিষয় হিচাপে লৈ এই পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।

আনহাতে, দ্বিতীয় স্থান লাভ কৰা হৰ্ষিতা গোৱেল হৈছে বৰোদাৰ এম এছ ইউনিভাৰ্ছিটীৰ বাণিজ্য বিভাগৰ স্নাতক। তেওঁ ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক ঐচ্ছিক বিষয় হিচাপে লৈ এই সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰে। আনহাতে, তৃতীয় স্থান লাভ কৰে।
ভেলোৰৰ ভি আই টিৰ ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰ’নিকছ ইঞ্জিনিয়াৰিঙৰ স্নাতক অৰ্চিত পৰাগে। উল্লেখ্য যে তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই অসামৰিক পৰীক্ষাৰ দ্বাৰা ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ), ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ), ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ) আদি বিষয়াসকলক নিৰ্বাচন কৰা হয়।
যোৱা বছৰৰ ১৬ জুনত অনুষ্ঠিত এই পৰীক্ষাত মুঠ ৯,৯২,৫৯৯ গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰাৰ বিপৰীতে ৫,৮৩,২১৩ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হয়। আনহাতে, ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ বাবে মুঠ ১৪,৬২৭ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰে।
ইয়াৰে পৰা ২,৮৪৫ গৰাকী পৰীক্ষাৰ্থীয়ে সাক্ষাৎকাৰৰ বাবে যোগ্যতা অৰ্জন কৰে। ইয়াৰে ভিতৰত ১,০০৯ গৰাকী প্ৰাৰ্থীক কেন্দ্ৰীয় লোকসেৱা আয়োগে বিভিন্ন সেৱাত নিযুক্তিৰ পৰামৰ্শ দিছে। তেওঁলোকৰ ভিতৰত ৭২৫ জন পুৰুষ আৰু ২৮৪ গৰাকী মহিলা।