অনলাইনযোগে টিকট বা কোঠা বুকিং কৰাৰ সময়ত সাধাৰণ মানুহ প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে (Ministry of Home affairs) সকীয়াই দিছে।

মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ বা আই এফ অ’ আৰ চিয়ে (ইণ্ডিয়ান চাইবাৰ ক্রাইম কোঅর্ডিনেচন চেন্টাৰ) এই সন্দৰ্ভত জনস্বাৰ্থৰ বিবৃতি প্ৰকাশ কৰিছে। তাত কোৱা হৈছে যে প্ৰৱঞ্চকে অনলাইন বুকিঙৰ জগতখনত ফান্দ পাতিছে। অকণমান অসাৱধানতাৰ ফলত যিকোনো ব্যক্তিয়েই সেই ফান্দত ভৰি দিব পাৰে।
মূলতঃ এই প্ৰৱঞ্চকসকলৰ লক্ষ্য হৈছে তীৰ্থযাত্ৰী আৰু ভ্ৰমণকাৰীসকল। ভ্ৰমণকাৰীৰ মাজত অনলাইন বুকিং অধিক সাধাৰণ কথা। শেহতীয়াকৈ এই সকলোবোৰ ক্ষেত্ৰতে অনলাইন প্লেটফৰ্মৰ ব্যৱহাৰ বৃদ্ধি পাইছে। কেনেকৈ প্ৰৱঞ্চনাৰ পৰা হাত সাৰিব পাৰি মন্ত্ৰালয়ে দিছে ছটা পৰামৰ্শ।
বিবৃতি অনুসৰি, সমগ্ৰ দেশতে ধৰ্মীয় তীৰ্থযাত্ৰী আৰু পৰ্যটকক লক্ষ্য কৰি অনলাইন বুকিং কেলেংকাৰীৰ সৃষ্টি হৈছে। ভুৱা ৱেবছাইট, প্ৰৱঞ্চনামূলক ছ’চিয়েল মিডিয়া পেজ, ফেচবুক পোষ্টৰ জৰিয়তে মানুহক প্ৰতাৰণা কৰা হৈছে। কিছুমান ক্ষেত্ৰত গুগলৰ দৰে চাৰ্চ ইঞ্জিনতো বিজ্ঞাপন দিয়া হৈছে। হোৱাটছএপো ইয়াৰ পৰা বাদ পৰা নাই।
উদাহৰণ হিচাপে চাৰিটা অনলাইন বুকিঙৰ কথা কেন্দ্ৰীয় মন্ত্ৰালয়ে উল্লেখ কৰিছে।
প্ৰথম চাৰধাম যাত্ৰাৰ বাবে কেদাৰনাথত হেলিকপ্টাৰ বুকিং।
দ্বিতীয়, তীৰ্থযাত্ৰীৰ বাবে হোষ্টেল আৰু হোটেল বুকিং।
তৃতীয়, অনলাইন কেব বা টেক্সি বুকিং।
চতুৰ্থ, ধৰ্মীয় স্থান বা দীঘলীয়া ছুটীৰ ভ্ৰমণৰ বাবে পেকেজ বুকিং।
গুগল, ফেচবুক, হোৱাটছএপ বা ভুৱা ৱেবছাইটত এনে আকৰ্ষণীয় অফাৰ দেখি বহুতে টকা দি ৰুম, টিকট বা সমগ্ৰ পেকেজ ভাড়া কৰি লয়। কিন্তু টকাখিনি দিয়াৰ পিছত তেওঁলোকৰ সৈতে আৰু যোগাযোগ কৰিব নোৱাৰে। মানুহে যেতিয়ালৈকে বুজি পায় যে তেওঁলোকক প্ৰতাৰণা কৰা হৈছে, তেতিয়ালৈকে বহু দেৰি হৈ যায়। এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ কেন্দ্ৰৰ পৰামৰ্শ :
– ধন দিয়াৰ আগতে সদায় ৱেবছাইটৰ বিশ্বাসযোগ্যতা পৰীক্ষা কৰক।
– গুগল, ফেচবুক বা হোৱাটছএপত অজ্ঞাত লিংকত ক্লিক কৰাটো পৰিহাৰ কৰক। ‘স্পনচৰ্দ’ বুলি লিখা লিংকৰ সৈতে অতিৰিক্ত সাৱধান হওক।
– অনলাইন বুকিং কেৱল চৰকাৰী পৰ্টেল বা নিৰ্ভৰযোগ্য সংস্থাৰ জৰিয়তেহে কৰিব লাগে। বুকিং কৰাৰ পিছত ইয়াৰ সত্যতা আৰু এবাৰ পৰীক্ষা কৰিব লাগে।
– যদি আপুনি কোনো ভুৱা বা প্ৰৱঞ্চনামূলক ৱেবছাইট পায়, তেন্তে তৎক্ষণাত ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেলত ৰিপৰ্ট কৰিব লাগে বা ১৯৩০ নম্বৰত ফোন কৰিব লাগে।
– কেদাৰনাথৰ বাবে হেলিকপ্টাৰ বুকিং এই অফিচিয়েল ৱেবছাইট https://www.heliyatra.irctc.co.in ৰ পৰা কৰিব পাৰিব।
– সোমনাথ ট্ৰাষ্টৰ অফিচিয়েল ৱেবছাইট হৈছে https://somnath.org। ইয়াৰ জৰিয়তে অতিথিশালা বুকিং কৰিব পাৰিব।
প্ৰৱঞ্চনা ৰোধৰ বাবেও চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।
বিবৃতি অনুসৰি, নিয়মিতভাৱে গুগল, ফেচবুক আৰু হোৱাটছএপৰ সৈতে জালিয়াতিৰ সংকেত আদান-প্ৰদান কৰা হয়। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চাইবাৰ অপৰাধৰ ‘হটস্পট’ চিনাক্ত কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভুৱা ৱেবছাইট বা পেজ চিনাক্ত কৰি যিমান পাৰি ব্লক কৰা হয়।
মন কৰিবলগীয়া যে মে’ মাহৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা। ২ মে’ত কেদাৰনাথৰ দুৱাৰ মুকলি হ’ব। এই সময়ৰ পৰাই হাজাৰ হাজাৰ লোকে চাৰধামৰ বাবে অনলাইন বুকিং কৰিবলৈ আৰম্ভ কৰে। তাৰ পূৰ্বে কেন্দ্ৰৰ এই সতৰ্কবাণী।