ASSAM TIMES POST
নিউজ ডেক্স
তেজৰ মূল উপাদানবোৰ কমিছে নে বাঢ়িছে তাৰ পৰীক্ষা মাত্ৰ ১০ টকাত কৰিব পৰা হ’ব৷ এই উপায় উলিয়াইছে পশ্চিম বংগৰ খড়্গপুৰ আই আই টিৰ অধ্যাপক সুমন চক্ৰৱৰ্তীৰ নেতৃত্বত এদল গবেষকে৷ এই ব্যৱস্থাৰে মানৱ শৰীৰৰ এক বিন্দু তেজ অৰ্থাৎ এক লিটাৰৰ ১০ লাখ ভাগৰ এভাগ লৈ হিমাটোক্ৰিট, হিম’গ্লবিন, শ্বেত ৰক্ত কণিকা, লোহিত ৰক্ত কণিকা, অণুচক্ৰিকা অৰ্থাৎ প্লেটলেটছৰ সংখ্যা বঢ়া বা কমা পৰীক্ষা কৰিব পাৰি৷
জ্বৰৰ পৰা আৰম্ভ কৰি কৰ্কট ৰোগলৈকে সকলো ৰোগৰ প্ৰাথমিক ৰক্ত পৰীক্ষা কৰিব পাৰি৷ এই ব্যৱস্থা অতি সহজ আৰু কম ব্যয়ৰ৷ আন্তৰ্জাতিক গৱেষণা পত্ৰ “বায়’ছেন্সৰছ এণ্ড বায়’ইলেকট্ৰনিক্স”ত এই বিষয়ে প্ৰকাশ পাইছে৷










