ASSAM TIMES POST
নিউজ ডেক্স
কেৰালাত দ্বিতীয়জন কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোক পোহৰলৈ আহিল৷ বৰ্তমানে এই লোকজনক আইছোলেচন ৱাৰ্ডত ৰখা হৈছে৷ আনহাতে এই বিষয়টোক লৈ অযথা আতংকিত নহ’বলৈ ৰাজ্যখনৰ প্ৰশাসনে বাৰ্তা প্ৰেৰণ কৰিছে৷ তাৰ মাজতো ৰাজ্যখনত জনসাধাৰণৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে জনোৱা মতে এই ভাইৰাছত আক্ৰান্ত হোৱা লোকজন ২৪ জানুৱাৰীত চীনৰ পৰা কেৰালালৈ আহে৷
লোকজনক ত্ৰিশূৰৰ চৰকাৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ত তীক্ষ্ণ নজৰত ৰখা হৈছে৷ আনহাতে ২৯ জানুৱাৰীত চীনৰ ইউহান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা এজন শিক্ষাৰ্থীৰ শৰীৰত এই ভাইৰাছৰ সন্ধান লাভ কৰে৷ এইজন যুৱকেই কৰোনা ভাইৰাছত আক্ৰান্ত প্ৰথম ভাৰতীয়৷ যুৱকজন দিন ধৰি জ্বৰ, কাহ, পানীলগাত আক্ৰান্ত হৈছিল৷
ইয়াৰ পাছতে তেওঁ উশাহ লোৱাৰ সমস্যাত পৰে৷ তেওঁক ইউহানৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ তাতেই যুৱকজন চিকিৎসাধীন বুলি প্ৰকাশ৷ আনহাতে চীনৰ পৰা কেৰালালৈ ঘুৰি অহা ১৭৯৩ জন লোকক তীক্ষ্ণ নজৰ ৰখা হৈছে৷










