ASSAM TIMES POST
নিউজ ডেক্স
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনলৈ যোৱাৰ অৱস্থাত আক্ৰমণৰ সন্মুখীন হ’ল জে এন ইউৰ প্ৰাক্তন ছাত্ৰ কানহাইয়া কুমাৰ৷ বিহাৰৰ ছৰণ জিলাত কানহাইয়া কুমাৰৰ গাড়ীলৈ লক্ষ্য কৰি দুষ্কৃতিকাৰীয়ে শিল নিক্ষেপ কৰে৷ অৱশ্যে কানহাইয়া কুমাৰ বিপদমুক্ত হৈ থাকে৷ কিন্তু তেওঁৰ কনভয়ৰ গাড়ীৰ গ্লাছ ভাঙে বুলি প্ৰকাশ৷ ইয়াৰ লগতে কেইবাজনো চিপিআইৰ সমৰ্থক আহত হয়৷
বিহাৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে কমেও ২০-২৫ জন দুষ্কৃতিকাৰীয়ে চিপিআইৰ নেতাজনলৈ লক্ষ্য কৰি শিলা বৰ্ষণ কৰে৷ তাৰ মাজতে দৈব্যক্ৰমে ৰক্ষা পৰে কানহাইয়া কুমাৰ৷ আৰক্ষীয়ে কানহাইয়া কুমাৰক উদ্ধাৰ কৰে বুলি প্ৰকাশ৷ পাছত আৰক্ষীয়ে তেওঁক আন পথেৰে গন্তব্যস্থানলৈ পঠাই দিয়ে৷










