ASSAM TIMES POST
নিউজ ডেক্স
উত্তৰ প্ৰদেশত দেওবাৰে পুৱাই বিশ্ব হিন্দু মহাসভাৰ সভাপতি ৰঞ্জিত বচ্চনক গুলীয়াই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিজেপি নেতা, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশত এই ঘটনাই আইন শৃংখলা তথা নিৰাপত্তাৰ দিশত বিভিন্ন মহলত প্ৰশ্নৰ উদয় হৈছে৷

দেওবাৰে পুৱা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এই ঘটনা সংঘটিত হয়৷ আৰক্ষীৰ সূত্ৰে প্ৰকাশ যে লক্ষ্ণৌৰ হজৰতগঞ্জ এলেকাৰ গ্ল’ব পাৰ্কত এই ঘটনা সংঘটিত হয়৷ দুষ্কৃতিকাৰীয়ে ৰঞ্জিত বচ্চনৰ মুৰলৈ লক্ষ্য কৰি গুলী চালনা কৰে৷ ইয়াৰ পাছত তেওঁক চিকিৎসালয়লৈ নিয়া হয় আৰু চিকিৎসকে মৃত ঘোষণা কৰে৷ উল্লেখ্য যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত ৰঞ্জিত বচ্চনৰ লগত তেওঁৰ ভাতৃ আছিল৷ তেওঁকো গুলী চলোৱা হৈছিল৷
কিন্তু তেওঁ ৰক্ষা পৰে৷ ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীৰ অপৰাধ বিভাগৰ ছটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে যোগীৰ ৰাজ্যত হিন্দুত্ববাদী নেতাক গুলী চলোৱা এইটো দ্বিতীয় ঘটনা৷ ২০১৯ চনৰ অক্টোবৰ মাহত হিন্দু সমাজ পাৰ্টিৰ নেতা কমলেশ তিৱাৰীক গুলীয়াই হত্যা কৰা হৈছিল৷










