ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court of India : ৩ মাহৰ ভিতৰত কোনো বিধেয়কখনৰ সিদ্ধান্ত ল’ব লাগিব, ৰাষ্ট্ৰপতিক সময়সীমা বান্ধি দিলে ছুপ্ৰিম কোৰ্টে

নিউজ ডেস্কঃ

News Desk by News Desk
April 12, 2025
Reading Time: 1 min read
A A
0
Supreme Court of India : ৩ মাহৰ ভিতৰত কোনো বিধেয়কখনৰ সিদ্ধান্ত ল’ব লাগিব, ৰাষ্ট্ৰপতিক সময়সীমা বান্ধি দিলে ছুপ্ৰিম কোৰ্টে

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

মহিলা সংৰক্ষণ বিধেয়কলৈ বিশেষ অধিৱেশন, বিজেপিৰ হুইপ জাৰি

পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

দেশৰ ৰাষ্ট্ৰপতি (President of India)য়ে তিনিমাহৰ ভিতৰত (Within three months) যিকোনো বিধেয়ক সন্দৰ্ভ (Reference to any Bill)ত সিদ্ধান্ত ল’ব লাগিব (Decision has to be made)। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ (Suprem Court of India)। বিধেয়ক নাকচ হ’লে তাৰ কাৰণো জনাব লাগিব। সাধাৰণতে যেতিয়া কোনো বিধেয়ক ৰাজ্যিক বিধায়িনী দলে গৃহীত কৰে, তেতিয়া সেইখন ৰাজ্যপালৰ ওচৰলৈ সন্মতিৰ বাবে প্ৰেৰণ কৰা হয়। যদি ৰাজ্যপালে নিৰ্দিষ্ট সময়ৰ ভিতৰত বিধেয়ক সন্দৰ্ভত সিদ্ধান্ত ল’ব নোৱাৰে তেন্তে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে। উচ্চতম ন্যায়ালয়ে কয় যে যদি এনে বিধেয়ক ৰাজ্যপালৰ পৰা আহে তেন্তে ৰাষ্ট্ৰপতিয়ে অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখিব নোৱাৰে। ভাৰতীয় সংবিধানত ৰাষ্ট্ৰপতিয়ে বিধেয়কখনৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰাৰ কোনো সময়সীমা নিৰ্ধাৰণ কৰা নাই। কিন্তু উচ্চতম ন্যায়ালয়ে এই কাম এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব বুলি কয়। বিধেয়কখন লাভ কৰাৰ তিনিমাহৰ ভিতৰত ৰাষ্ট্ৰপতিয়ে বিধেয়কখন সন্দৰ্ভত সিদ্ধান্ত ল’ব লাগিব। যদি অধিক সময় লাগে তেন্তে ইয়াৰ কাৰণ সংশ্লিষ্ট কৰ্তৃপক্ষক জনোৱা উচিত। তামিলনাডু চৰকাৰৰ এটা গোচৰত উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰে। এই ৰায়দানত দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ওপৰত সময়সীমা আৰোপ কৰা হৈছে।

তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে বিধানসভাত গৃহীত হোৱাৰ পিছত ১০খন বিধেয়ক ৰখাই থোৱাৰ অভিযোগ উত্থাপন হৈছে। ২০২৩ চনৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ বাবে ৰাজ্যপালৰ দ্বাৰা বিধেয়কসমূহ প্ৰেৰণ কৰা হয়। ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই গোচৰত ৰাজ্যপালৰ আচৰণক ‘অবৈধ’ বুলি অভিহিত কৰে। আদালতৰ মন্তব্য, “এইটো স্পষ্ট কৰা প্ৰয়োজন, যদি কোনো সাংবিধানিক কৰ্তৃপক্ষই নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো কাম নকৰে, তেন্তে আদালতে তাত হস্তক্ষেপ কৰাৰ পৰা বিৰত নাথাকে।” শুকুৰবাৰে আদালতৰ ৱেবছাইটত আপলোড কৰা হয় ৰায়দানৰ প্ৰতিলিপি।

court | ASSAM TIMES POST
৩ মাহৰ ভিতৰত কোনো বিধেয়কখনৰ সিদ্ধান্ত ল’ব লাগিব, ৰাষ্ট্ৰপতিক সময়সীমা বান্ধি দিলে ছুপ্ৰিম কোৰ্টে

উল্লেখ্য যে ভাৰতীয় সংবিধানৰ ২০১ নং অনুচ্ছেদ অনুসৰি, যেতিয়া কোনো বিধেয়ক ৰাষ্ট্ৰপতিৰ ওচৰলৈ যায় তেতিয়া তেওঁ দুটা কাম কৰিব পাৰে। হয় বিধেয়কখনত সন্মত দিয়ক, নহ’লে নাকচ কৰক। কিন্তু সংবিধানত ৰাষ্ট্ৰপতিৰ এই কামৰ কোনো সময়সীমা নিৰ্দিষ্ট কৰা হোৱা নাই। ইয়াৰ ফলত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সঘনাই সংঘাতৰ সৃষ্টি হৈছে। আদালতে কয় যে যদি ৰাজ্যপালে বিধেয়ক ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে আৰু ৰাষ্ট্ৰপতিয়ে অনিৰ্দিষ্টকাললৈ বিধেয়কখন ৰখাই দিয়ে, তেন্তে ৰাজ্য চৰকাৰে তেওঁৰ বিৰুদ্ধে আদালতলৈ যাব পাৰে।

ৰাষ্ট্ৰপতিৰ সন্মতি অবিহনে কোনো বিধেয়ক আইনত পৰিণত হ’ব নোৱাৰে। ফলত যিকোনো বিধেয়ক আইনত পৰিণত হোৱাৰ আগতে সঠিকভাৱে বিবেচনা কৰিব লাগে। আদালতে কয় যে এই বিবেচনাক কঠোৰ সময়সীমাৰে বান্ধি ৰখাটো কঠিন। ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত ল’বলৈ সময় লাগিব পাৰে। সেই বিষয়ে আদালত অৱগত। কিন্তু সেয়া ৰাষ্ট্ৰপতিৰ ‘নিষ্ক্ৰিয়তা’ৰ অজুহাত হ’ব নোৱাৰে। কোনো ন্যায্যতা বা ব্যাখ্যা অবিহনে ৰাষ্ট্ৰপতিয়ে বিধেয়কখনত পলম কৰাটো সাংবিধানিক নীতি উলংঘাৰ সমান। আদালতে ইয়াক ফেডাৰেল গাঁথনিৰ বাবে ক্ষতিকাৰক বুলিও উল্লেখ কৰিছে। এইখিনিতে ক’ব পাৰি যে ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰতো অযথা পলমৰ কোনো স্থান থাকিব নোৱাৰে।

Tags: SupremeCourtofIndiaছুপ্ৰিমকোৰ্টবিধেয়কসিদ্ধান্ত
Share4Tweet3Send

Related Posts

BJP candidate list : বিজেপিৰ ৮৮ জনীয়া তালিকাত নাম নোসোমাল ১৯ বিধায়কৰ
National-International

মহিলা সংৰক্ষণ বিধেয়কলৈ বিশেষ অধিৱেশন, বিজেপিৰ হুইপ জাৰি

by Staff Reporter
April 12, 2026
50
পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে
National-International

পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

by Staff Reporter
April 12, 2026
50
সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল
National-International

সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

by Staff Reporter
April 12, 2026
50
ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ
National-International

ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ

by Staff Reporter
April 12, 2026
50
বিহাৰত আস্থা ভোটত জয়ী নীতিশ কুমাৰ:
National-International

মুখ্যমন্ত্ৰী পদৰ পৰা নীতিশৰ ইস্তফাৰ দিন চূড়ান্ত I উত্তৰসুৰীৰ সিদ্ধান্ত মঙলবাৰে

by Staff Reporter
April 12, 2026
50
৯২ বছৰ বয়সত গায়িকা আশা ভোঁচলেৰ দেহাৱসান
National-International

৯২ বছৰ বয়সত গায়িকা আশা ভোঁচলেৰ দেহাৱসান

by Staff Reporter
April 12, 2026
50
ADVERTISEMENT
BJP candidate list : বিজেপিৰ ৮৮ জনীয়া তালিকাত নাম নোসোমাল ১৯ বিধায়কৰ
National-International

মহিলা সংৰক্ষণ বিধেয়কলৈ বিশেষ অধিৱেশন, বিজেপিৰ হুইপ জাৰি

April 12, 2026
50
পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে
National-International

পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

April 12, 2026
50
সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল
National-International

সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

April 12, 2026
50
ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ
National-International

ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ

April 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP candidate list : বিজেপিৰ ৮৮ জনীয়া তালিকাত নাম নোসোমাল ১৯ বিধায়কৰ

মহিলা সংৰক্ষণ বিধেয়কলৈ বিশেষ অধিৱেশন, বিজেপিৰ হুইপ জাৰি

April 12, 2026
পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

April 12, 2026
সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

April 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx