শণিবাৰে বিয়লি প্ৰায় ৪ বজাত ডিফুত জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ অতিৰিক্ত লোক অধিবক্তা সঞ্জয় কুমাৰ যাদৱে জানিবলৈ দিয়ে, আজি ডিফুৰ জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত নিজ কণ্যা সন্তানক ধৰ্ষণৰ অপৰাধত এজন অভিযুক্তক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে তিনিলাখ টকাৰ জৰিমনা বিহে ৷ জৰিমনা অনাদায়ে অতিৰিক্ত তিনি বছৰৰ সাধাৰণ কাৰাবাসৰো ৰায়দান প্ৰদান কৰে ৷
লোক অধিবক্তা গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি POCSO আইনৰ অধীনত ডিফু আদালতৰ অতিৰিক্ত জিলা ও সত্র ন্যায়াধীশ গীতালি ৰাভাৰ আদালতে Special (POCSO) গোচৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰি নিজ কণ্যা সন্তান ধৰ্ষণকাৰী অভিযুক্ত বুলু খাৰিকাপছাক এই শাস্তি প্ৰদান কৰে ৷

উল্লেখ যোগ্যযে, ২০২৩ চনৰ অক্টোবৰ মাহৰ ৰাতি প্ৰায় ৮ মান বজাত ভুক্তভোগী টিউচনৰ ক্লাছ কৰি দেউতাকৰ লগত উভতি আহোঁতে নিজ দেউতাকে ভুক্তভোগীক খেতি পথাৰলৈ টানি নি জোৰ জবৰদন্তি ধৰ্ষণ কৰে। পুনৰ এক মাহ মানৰ পাছত ভুক্তভোগী ৰাতি শুই থকাৰ অৱস্থাত অভিযুক্ত দেউতাকে জোৰ কৰি ধৰ্ষণ কৰিছিল আৰু ইয়াৰ পাছৰ পৰা দেউতাকে ভুক্তভোগীক বহুত বাৰ ধৰ্ষণ কৰিছিল। চাৰি পাচ মাহ ধৰি দেউতাকে প্রায়ে ভুক্তভোগীক জোৰ কৰি ধৰ্ষণ কৰি আহিছে আৰু ভুক্তভোগীৰ মাকক হত্যা কৰি ভুক্তভোগীক বিয়া পাতি তাৰ পত্নী হিচাবে ৰাখিব বুলি ভাবুকি প্রদান কৰিছিল।
উক্ত গোচৰ সন্দৰ্ভত Special (POCSO) গোছৰ নং ১৫/২০২৪, হাওৰাঘাট থানাৰ গোছৰ নং ৩৪/২০২৩ ৰ চূড়ান্ত শুনানীত গোচৰটোৰ সাক্ষীবাদীৰ সাক্ষী গ্ৰহণ কৰাৰ অন্তত আচামী বুলু ওৰফে বলো খাৰিকাপছাক POCSO আইনৰ 6 of POCSO Act ৰ অধীনত সাক্ষীবাদীৰ উপযুক্ত প্রমাণ পাই দোষী সাব্যস্ত কৰি এই ৰায় প্ৰদান কৰে। এই ক্ষেত্রত বিশষকৈ জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ পদক্ষেপ প্রশংক্ষণীয় আছিল বুলি উল্লেখ কৰে অতিৰিক্ত লোক অধিবক্তা গৰাকীয়ে।