প্ৰতিবছৰে আই পি এল (IPL)ৰ ধাৰা ভাষ্যকাৰৰ তালিকা (IPL commentator List)ত থকা ইৰফান পাঠান (Irfan Pathan)ৰ নাম কিন্তু এইবাৰ তালিকাত নাই। এইবাৰ তেওঁক বাদ দিয়া হৈছে। কিন্তু কিয় বাদ দিয়া হৈছে ইৰফানক?
জানিব পৰা মতে, নিজৰ ধাৰাভাষ্যৰ সময়ত তেওঁ কেইগৰাকীমান ক্ৰিকেটাৰৰ বিৰুদ্ধে ব্যক্তিগত ক্ষোভ প্ৰকাশ কৰিছিল। সেইকাৰণেই ভাৰতীয় ক্ৰিকেট বোৰ্ডে এই শাস্তি দিছে। এয়াও জানিব পৰা গৈছে যে বিগত দুবছৰ ধৰি তেওঁ মন্তব্য কৰাৰ সময়ত কেইগৰাকীমান ক্ৰিকেটাৰক নিৰন্তৰ সমালোচনা কৰি আছিল। ক্ৰিকেটাৰসকলে সেই সমালোচনা ভালদৰে লোৱা নাছিল। ব’ৰ্ডাৰ-গাভাস্কাৰ শৃংখলাত ইৰফানে এজন ভাৰতীয় ক্ৰিকেটাৰক ইমান সমালোচনা কৰিছিল যে তেওঁ খঙত ইৰফানৰ ম’বাইল নম্বৰ ব্লক কৰিছিল। কেইগৰাকীমান ক্ৰিকেটাৰে আকৌ ইৰফানৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) ওচৰত অভিযোগো দাখিল কৰে। তাৰ পিছত বোৰ্ডে এই সিদ্ধান্ত লয়।

বিচিচিআইৰ এক সূত্ৰ মতে, ইৰফানক আগতে সতৰ্ক কৰি দিয়া হৈছিল। কিন্তু তেওঁ শুনা নাছিল। যোৱা দুবছৰ ধৰি একেৰাহে তেওঁ একেটাকে কৰি আহিছে। তেওঁ ধাৰাভাষ্যৰ সময়ত তেওঁৰ ব্যক্তিগত বিষয়বোৰ আলোকপাত কৰি আহিছে। তেওঁ ইচ্ছাকৃতভাৱে কিছুমান ক্ৰিকেটাৰক সমালোচনা কৰি আছে, যিটো বোৰ্ডৰ বাবেও ভাল হোৱা নাই। সেয়ে এই পদক্ষেপ লোৱা হৈছে।
আনহাতে, বোৰ্ডে এই মন্তব্যবোৰৰ বাবে ক্ৰিকেটাৰসকলৰ কোনো মানসিক সমস্যা হোৱাটো নিবিচাৰে। বোৰ্ডে ক্ৰিকেটাৰসকলৰ স্বাৰ্থক প্ৰথম স্থান দিছে। অৱশ্যে এইটো প্ৰথমবাৰৰ যে হৈছে তেনে নহয়। ২০১৯ চনত সঞ্জয় মঞ্জৰেকাৰে সৌৰভ গাংগুলী আৰু ৰবীন্দ্ৰ জাদেজাৰ সৈতে ৰাজহুৱা বিবাদত লিপ্ত হৈছিল। সামাজিক মাধ্যমত তেওঁলোকৰ মাজত প্ৰায়ে বাকযুদ্ধ হৈছিল। তাৰ পিছত মঞ্জৰেকাৰক ২০২০ চনত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ধাৰা ভাষ্যকাৰৰ তালিকাৰ পৰা বাদ দিয়া হৈছিল।
অৱশ্যে মঞ্জৰেকাৰে নিজৰ ভুল স্বীকাৰ কৰাত তেওঁ পুনৰ নিজৰ স্থান লাভ কৰে। আনহাতে, হৰ্ষ ভোগলেকো ২০১৬ চনৰ আই পি এলৰ পূৰ্বে ধাৰা ভাষ্যকাৰৰ তালিকাৰ পৰা বাদ দিয়া হৈছিল। কিন্তু হৰ্ষে কিয় তেওঁক বাদ দিয়া হৈছিল তাৰ কাৰণ বুজি পোৱা নাছিল আৰু তেওঁ সামাজিক মাধ্যমত সেয়া উল্লেখ কৰিছিল। অৱশ্যে পিছত হৰ্ষ ঘূৰি আহে। এতিয়া এইটো লক্ষণীয় হ’ব যে ইৰফান পাঠান কেতিয়া পুনৰ ধাৰাভাষ্য লৈ ঘূৰি আহে।