সুনীতা উইলিয়ামছ (Sunita Williams) আৰু বুচ উইলম’ৰে (Butch Wilmor) আঠ দিনৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ (আই এছ এছ) গৈ ৯ মাহ কটায়। ইলন মাস্কৰ স্পেচএক্সৰ ড্ৰেগন মহাকাশযানখনে ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা মহাকাশৰ পৰা তেওঁলোকৰ সৈতে পৃথিৱীত অৱতৰণ কৰে। এই দুই মহাকাশচাৰী আঠদিনীয়া ভ্ৰমণলৈ যোৱাৰ পিছত ৯ মাহ ধৰি আবদ্ধ হৈ আছিল। অতিৰিক্ত সময়ৰ বাবে মহাকাশত আবদ্ধ হৈ থকাৰ বাবে নাছাই তেওঁলোকক অতিৰিক্ত ধন (Extra Money) দিবনে?
শেহতীয়াকৈ সাংবাদিকসকলৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প (President Donald Trump)ক এই প্ৰশ্ন সোধা হৈছিল। এই প্ৰশ্ন শুনি ট্ৰাম্পে উত্তৰ দিলে, “কোনোৱে মোক এই বিষয়ে একো জনোৱা নাই। যদি তেওঁলোকক অতিৰিক্ত ধন দিব লাগে তেন্তে মই নিজৰ পকেটৰ পৰাই দিম।” আনহাতে, সুনীতা আৰু বুচক পৃথিৱীলৈ ঘূৰাই অনাৰ কিছু সময়ৰ পিছতে হোৱাইট হাউছে উত্তৰ দিয়ে, “ৰাষ্ট্ৰপতিগৰাকীয়ে সুনীতা উইলিয়ামছক ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁ সেই প্ৰতিশ্ৰুতি পালন কৰিছে।” অৱশ্যে ট্ৰাম্পে সুনীতাক ঘূৰাই অনাৰ ক্ষেত্ৰত নিজকে ‘কৃতিত্ব’ দিবলৈ কৃপণালি কৰা নাই।

কিন্তু ইমান দিনে আটক হৈ থকা বাবে তেওঁলোকক অতিৰিক্ত দৰমহা দিয়া হ’ব নেকি এই বিষয়ত বিভিন্ন আলোচনা আৰু প্ৰশ্ন চলি থকা সময়ত বিষয়টো ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ওচৰলৈ যায়। তেওঁ অতি শান্ত ভাবেৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সুনীতাক অতিৰিক্ত পাৰিশ্ৰমিক দিয়াৰ আশ্বাস দিয়ে। ট্ৰাম্পে লগতে কয়, “যদি আমাৰ হাতত ইলনৰ দৰে কোনোবা নাথাকিলহেঁতেন তেন্তে মহাকাশচাৰীসকল আৰু বহুত দিন আবদ্ধ হৈ থাকিলহেঁতেন। কোনে আনিব পাৰিছিল তেওঁলোকক? ৯-১০ মাহৰ পিছত স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলেহেঁতেন। এবাৰ ভাবি চাওকচোন, ইলনে তেওঁলোকক ঘূৰাই আনিবলৈ বহু কাম কৰিছে।”
অৱশ্যে এনে ক্ষেত্ৰত মহাকাশচাৰীক নাছাই অতিৰিক্ত (অভাৰটাইম) দৰমহা নিদিয়ে বুলি কিছুদিন পূৰ্বে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাৰ অৱসৰপ্ৰাপ্ত মহাকাশচাৰী ক’ডি ক’লমেনে জনাইছিল। তেওঁ কয় যে মহাকাশচাৰীসকলৰ বাবে বিশেষ ‘অভাৰটাইম’ দৰমহা নাই। যিহেতু তেওঁলোক ফেডাৰেল কৰ্মচাৰী, মহাকাশত তেওঁলোকৰ কামক পৃথিৱীৰ যিকোনো কামৰ দৰেই গণ্য কৰা হ’ব। ফলত সুনীতাই যিমান দৰমহা পায় সিমানেই পাব। অৱশ্যে সেই দিনকেইটাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (ISS) জীৱন যাপনৰ বাবে তেওঁলোকৰ খাদ্য আৰু আন সকলো প্ৰয়োজনীয় সামগ্ৰী নাছাই বহন কৰিব।