দিনযোৰা কাৰ্যসূচীৰে ডিফু আৱৰ্ত ভৱনত কাৰবি আংলং জিলা প্ৰশাসনৰ উদ্যোগত জিলা ভিত্তিত যুৱ সংসদ ২০২৫-২৬ বৰ্ষ কাৰ্যসূচী ৷ প্ৰায় ৮ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত হোৱা কাৰ্যসূচীত অতিৰিক্ত আয়ুক্ত ডঃ অংকিতা বৰা আৰু সহকাৰী আয়ুক্ত অৰুনাভ জ্যোতি বৰুৱা উপস্থিত থাকে ৷

উক্ত কাৰ্যসূচীত সংসদৰ কাৰ্যক্ৰম কেনেদৰে পৰিচালনা কৰা হয় তাৰ ওপৰত ছাত্ৰ -ছাত্ৰীৰ মাজতে শাসক -বিৰোধী ,মন্ত্ৰী, অধ্যক্ষ,আৰু সাংসদৰ সৃষ্টি কৰি তাৰ প্ৰাথমিক জ্ঞান প্ৰদানৰ আভাষ প্ৰদান কৰা হয় ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জিলা অতিৰিক্ত আয়ুক্ত ডঃ অংকিতা বৰাই কয়যে, জিলা পৰ্যায়ৰ এই যুৱ সংসদৰ জৰিয়তে যুৱক সকলৰ সংসদীয় কাৰ্যকলাপৰ ওপৰত প্ৰাথমিক দক্ষতা বিকাশ পাব ৷
যুৱ সংসদত বিভিন্ন বিভাগৰ মন্ত্ৰী আৰু বিৰোধীৰ ভূমিকা থাকিব ৷ প্ৰত্যেকে সাধাৰণতে সংসদৰ বিত্তীয়, অৰ্থনৈতিক, সামজিক ৰাজনৈতিক আধাৰ আৰু বৰ্তমান ইছ্যু সমূহৰ ওপৰত বিতৰ্কত অংশ গ্ৰহণ কৰিব ৷