আই পি এলৰ অষ্টাদশ সংস্কৰণ আৰম্ভ হ’বলৈ মাজত মাত্ৰ এটা দিন বাকী। কিন্তু তাৰ পূৰ্বে এক অদ্ভুত সিদ্ধান্ত লৈছে ৰাজস্থান ৰয়েলছে (Rajasthan Royals)। অধিনায়ক সঞ্জু ছেমচনে দলৰ হৈ খেলিলেও কিন্তু তেওঁ নেতৃত্বত নাথাকিব। প্রথম তিনিখন মেচত (Three matches) ৰাজস্থানক নেতৃত্ব দিব (Will lead Rajasthan) ৰিয়ান পৰাগে (Riyan Parag)।
উল্লেখযোগ্য যে আঘাতৰ সমস্যাৰ পৰা মুক্ত হৈ সঞ্জু ছেমচনে ৰাজস্থান শিবিৰত কিছুদিন পূৰ্বে যোগ দিছে। তেওঁ আই পি এলত আৰম্ভণিৰ পৰা খেলিলেও প্রথম তিনিখন মেচত দলক নেতৃত্ব দিয়া দেখা নাযাব। বৃহস্পতিবাৰে এই ঘোষণা কৰিছে দলটোৱে। এই তিনিখন মেচত ৰাজস্থানে ক্ৰমে হায়দৰাবাদ, কলকাতা আৰু চেন্নাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
ৰাজস্থানে লগতে জনাইছে যে এই তিনিখন মেচত সঞ্জুই কেৱল বেটাৰ হিচাপে অৱতীৰ্ণ হ’ব, তেওঁ উইকেটৰক্ষকৰ ভূমিকাও পালন নকৰে। তেওঁক বেটিঙৰ সময়ত ‘ইমপেক্ট প্লেয়াৰ’ হিচাপে ব্যৱহাৰ কৰা হ’ব পাৰে বুলিও অনুমান কৰা হৈছে। সেই কাৰণেই তেওঁক অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হোৱা নাই।

ইফালে বৃহস্পতিবাৰে সঞ্জুই কয়, “মই পৰৱৰ্তী তিনিখন মেচত সম্পূৰ্ণ ফিট থাকিব পাৰিম। আমাৰ দলত বহু নেতা আছে। বিগত কেইবা বছৰে বহুতে দলৰ হৈ অৱদান আগবঢ়াইছে। সেয়ে প্রথম তিনিখন মেচত ৰিয়ানে দলক নেতৃত্ব দিব। তেওঁৰ ওচৰত সেই ক্ষমতা আছে। আশাকৰো দলৰ বাকীসকলেও তেওঁক সকলো সময়তে সংগ দিব।”
আনহাতে, ৰাজস্থানৰ তৰফৰ পৰা এক বিবৃতিত কোৱা হৈছে, “সঞ্জু ছেমচন ৰাজস্থান দলৰ অবিচ্ছেদ্য অংশ। উইকেটকিপিং আৰু ফিল্ডিঙৰ অনুমতি নোপোৱা পর্যন্ত তেওঁ কেৱল বেটাৰ হিচাপেই আমাক সহায় কৰিবলৈ প্ৰস্তুত। সম্পূৰ্ণ সুস্থ হৈ উঠিলে নেতৃত্বলৈ উভতিব সঞ্জু।”
উল্লেখযোগ্য যে আঙুলিৰ আঘাতৰ উপশম ঘটাই কিছুদিন পূৰ্বে ৰাজস্থান শিবিৰত যোগ দিছে সঞ্জুৱে। ফেব্রুৱাৰীত অনুষ্ঠিত ভাৰত-ইংলেণ্ড টি-২০ শৃংখলাৰ সময়ত তেওঁ আঘাত পাইছিল। ফলত সম্পূৰ্ণ শৃংখলা খেলিব পৰা নাছিল। পিছত তেওঁৰ আঙুলিৰ অস্ত্রোপচাৰ হয়।
আনহাতে, ঘৰুৱা ক্রিকেটত অসমক নেতৃত্ব দিয়াৰ অভিজ্ঞতা আছে ৰিয়ানৰ। বিগত কেইবা বছৰ ধৰি তেওঁ ৰাজস্থান দলৰ নিয়মীয়া। ফলত বিশেষজ্ঞসকলৰ ধাৰণা, ৰিয়ানক মানি লোৱাত কাৰো অসুবিধা নহ’ব।