শণিবাৰে দিনৰ প্ৰায় তিনি বজাত ডিফুৰ আৰবৰেটাম ও ক্ৰাফ্ট চেণ্টাৰত সভাকক্ষত কাৰবি আংলঙৰ ভূমিত আম্বানিক বায় গেছ উৎপাদনৰ হেতু নেপ্ৰিয়া ঘাঁহ ৰুবলৈ ভূমি প্ৰদান সন্দৰ্ভত দল-সংগঠনৰ সৈতে ৰুদ্ধদবাৰ বৈঠকত মিলিত হয় কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে ৷ বৈঠকৰ সমগ্ৰ আলোচনা কালত সংবাদ মাধ্যমৰ প্ৰবেশ নিষিদ্ধ আছিল ৷

আলোচনাৰ অন্তত কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সকলোৱে আম্বানিৰ প্ৰকল্পৰ বাবে মাটি দিয়াত সন্মতি প্ৰকাশ কৰা বুলি কয় ৷ কিন্তু কিমান মাটি আৰু ক’ত মাটি দিয়া হ’ব সেয়া কোৱাৰ পৰা তেওঁ বিৰত থাকে ৷
আনহাতে আলোচনাত উপস্থিত থকা APHLC দলৰ সভাপতি জনচ্ ইংতি কাথাৰে কয় যে নেপিয়াৰ গ্ৰাছ লগাবলৈ আম্বানিক কিয় মাটি দিব লাগিছে । তাতকৈ আমাৰ কাৰবি মানুহে কৰি ঝাৰু খেতিৰ ব্যৱসায়ীক বজাৰ দিবলৈ চেষ্টা কৰক ৷
সংবাদ মাধ্যমৰ পৰা নিলগত অনুষ্ঠিত কৰা সভাখনত বহু কেইটা সংগঠনৰ নেতা আৰু সমাজ কৰ্মীয়ে আম্বানিক মাটি দিয়াৰ বিৰোধিতা কৰা বুলি জানিব পৰা গৈছে ৷