মধ্যপ্ৰদেশত এজন ১৭ বছৰৰ কিশোৰে এটা পাঁচ বছৰীয়া শিশুক জঘন্যভাৱে ধৰ্ষণ (Rape) কৰে। গোৱালিয়ৰৰ এখন চিকিৎসালয়ত শৰীৰত একাধিক আঘাত, মূৰত গুৰুতৰভাৱে আঘাত আৰু যৌনাংগত ২৮টা চিলাই লৈ এতিয়া সংকটজনক অৱস্থাত আছে শিশুটি।

এই ঘটনাটোত সকলো স্তম্ভিত হৈ পৰিছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, মধ্যপ্ৰদেশৰ শিৱপুৰীৰ বাসিন্দা শিশুটি যোৱা ২৩ ফেব্ৰুৱাৰীত ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল।
প্ৰায় দুঘণ্টাৰ পিছত চুবুৰীটোৰ এটা ঘৰৰ বেলকনিত তেওঁক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। মূৰত গুৰুতৰ আঘাতৰ উপৰি গোটেই শৰীৰ আৰু যৌনাংগত অসংখ্য আঁচোৰ আৰু কামোৰৰ চিন দেখা গৈছিল। লগে লগে অনুমান কৰা হয় যে ধৰ্ষণৰ পিছত শিশুটিৰ মূৰটো বেৰত খুন্দিয়াই হত্যা কৰিব বিচাৰিছিল।
উদ্ধাৰৰ পিছত তেওঁক ততাতৈয়াকৈ গোৱালিয়ৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাত প্ৰায় দুঘণ্টামান অস্ত্ৰোপচাৰ কৰাৰ পিছত তেওঁক কিবা প্ৰকাৰে সুস্থ কৰা হয়। চিকিৎসকে জনোৱা মতে, শিশুটিৰ যৌনাংগত কমেও ২৮টা চিলাইৰ প্ৰয়োজন হৈছিল। তদুপৰি ৰডৰ দৰে বস্তু এটা জোৰকৈ যৌনাংগত সুমুৱাই দিয়া হৈছিল। যাৰ বাবে বৃহদান্ত্ৰৰ ক্ষতি হয়। তাৰ বাবেও অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছে।
আৰক্ষীৰ মতে, সেই সময়ত অভিযুক্তই সুৰাপান কৰি আছিল। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে শিশুটিৰ পৰিয়ালে। স্থানীয় ৰাইজেও দোষীক শাস্তি প্ৰদানৰ দাবীত অঞ্চলটোত প্ৰতিবাদ সাব্যস্ত কৰে।
আনহাতে, ৰাজনৈতিক মতানৈক্য পাহৰি অঞ্চলটোৰ বিজেপি আৰু কংগ্ৰেছ নেতাসকলেও একেলগে মাত মাতিছে। ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবীত জিলা প্ৰশাসনক স্মাৰক পত্ৰ দাখিল কৰা হৈছে।