ওড়িশাৰ এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ‘ডিজিটেল গ্ৰেপ্তাৰ’(Digital Arrest) ত আবদ্ধ কৰি লাখ লাখ টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে। মঙলবাৰে এই কথা প্ৰকাশ কৰিছে আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাই। অভিযোগ অনুসৰি, তেওঁ প্ৰায় ১৪ লাখ টকা হেৰুৱাইছে। ইতিমধ্যে আৰক্ষীয়ে দোষীক বিচাৰি উলিয়াবলৈ তদন্ত আৰম্ভ কৰিছে।

সংবাদ সংস্থা পিটিআইৰ মতে, ভুক্তভোগীৰ নাম গীতাঞ্জলি দাস। তেওঁ ওড়িশাৰ বেৰহামপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। অভিযোগ অনুসৰি, ১২ ফেব্ৰুৱাৰীত গীতাঞ্জলিলৈ এটা ফোন আহে।
ফোনৰ আনটো মূৰৰ পৰা এজন পুৰুষৰ কণ্ঠই নিজকে ইডিৰ বিষয়া বুলি পৰিচয় দি ইংৰাজীতে কয় যে বিদেশৰ পৰা কোটি কোটি টকা অধ্যাপিকাগৰাকীৰ বেংক একাউণ্টলৈ পঠিওৱা হৈছে। ইতিমধ্যে এই ঘটনাৰ গোচৰ ৰুজু কৰিছে ইডিয়ে। তাৰ বাবে গীতাঞ্জলিক ‘ডিজিটেলী গ্ৰেপ্তাৰ’ কৰা হৈছে।
এই কথা শুনি মহিলাগৰাকী আতঙ্কিত হৈ পৰে। তাৰ পিছত তেওঁক কোৱা হয় যে ১৪ লাখ টকা দিলে তেওঁক জামিনত মুকলি কৰি দিয়া হ’ব। প্ৰৱঞ্চকৰ কথামতে অধ্যাপকগৰাকীয়ে ধনখিনি এটা নিৰ্দিষ্ট বেংক একাউণ্টলৈ প্ৰেৰণ কৰে।
ইফালে ধন লাভ কৰাৰ পিছৰে পৰা প্ৰৱঞ্চকৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয়। ইয়াৰ পিছত অধ্যাপিকাগৰাকীয়ে বুজি পায় যে তেওঁক প্ৰতাৰণা কৰি ধন লুট কৰা হৈছে।
সোমবাৰে বেৰহামপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে অধ্যাপিকাগৰাকীয়ে। অভিযোগৰ ভিত্তিত আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাই তদন্ত আৰম্ভ কৰিছে। বেৰহামপুৰৰ আৰক্ষী অধীক্ষক সৰৱণ বিবেকে তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিয়ে।